লোকসভা নিৰ্বাচন: উত্তৰ পূৰ্বাঞ্চলত বৃহৎ পৰিমাণৰ টকা জব্দ

লোকসভা নিৰ্বাচন বাবে আয়কৰ বিভাগে নিৰ্বাচনত হব পৰা কলা ধনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । উত্তৰ পূৰ্বাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । ৪৮২ শতাংশ ধন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি আয়কৰ বিভাগৰ অধক্ষ্যয়ে প্ৰকাশ কৰিছে ।
প্ৰেছ ইনফৰমেশ্যন বিওৰ'য়ে প্ৰকাশ কৰা তথ্যত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণ আয়কৰ বিভাগে ১.২১ কোটিজব্দ কৰিবলৈ সক্ষম হৈছিল । সেই অনুপাতে এইবাৰ লোকসভা নিৰ্বাচনৰ পুৰ্বে বৃদ্ধি হৈ ৪৮২ শতাংশ ধন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে ।
১২ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈকে ৫.৮৪ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে । নিৰ্বাচনৰ আগমুহুৰ্ত ২৭ দিনত ভিতৰত ৫০% বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে ।
পিআইবিয়ে প্ৰকাশ কৰা মতে ১২ মাৰ্চত ২০১৯ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰ পৰা আয়কৰ বিভাগৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ইন্টেলিজেন্ট আৰু প্ৰয়োগকাৰী বিভাগে ক'লা ধনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । ১২ বিমান বন্দৰত এয়াৰ ইন্টেলিজেন্ট সহ উত্তৰ পূৰ্বাঞ্চলত ১৬০ টা আই টিৰ শাখায়ে অভিযান অব্যাহত ৰাখিছে ।
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বেংকত টকা জমা ৰখা আৰু উলিয়াওৱাৰ ওপৰতো নজৰ ৰাখিছে। ১০০ ৰো অধিক সন্দেহজনক টকা জমা কৰা আৰু ১০ লাখৰো অধিক টকা উলিওৱাৰ ওপৰত অনুসন্ধান কৰা হৈছে বুলি প্ৰকাশ কৰে ।
অসম ৩ টা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১১ এপ্ৰিলত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ । ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হব আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ২৩ মেত ফলাফল ঘোষণা কৰা হব ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি