Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচন: এন ডি এৰ সদস্য সকলৰ ২১ মেত মিলিত হব অমিত শ্বাহ

লোকসভা নিৰ্বাচন: এন ডি এৰ সদস্য সকলৰ ২১ মেত মিলিত হব অমিত শ্বাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 May 2019 12:36 PM GMT

দেওবাৰে সংবাদ মাধ্যমৰ লগতে বিভিন্ন প্ৰতিস্থানে এগজিট প'লৰ সমীক্ষা আগবঢ়াই । প্ৰকাশিত ১৪ খন সমীক্ষাৰ ১২ খনতে এন ডি এ চৰকাৰে সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলি প্ৰকাশ কৰিছে । এন ডি এ ২৮২ ৰ পৰা ৩৬৫ খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰে।

ভাৰতীয় জনতা পাৰ্টিৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে ২১ মেত এন ডি এ সদস্য সকলৰ লগতে মিত্ৰজোটৰ স্ট্ৰেটেজিৰ সন্দৰ্ভত আলোচনাৰ বাবে নৈশ ভোজনত মিলিত হব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। ২৩ মেত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব ।

এগজিট প'লৰ মতে দেশত বিজেপিয়ে সংখ্যা গৰিষ্ঠ লাভ কৰিব লোকসভা নিৰ্বাচনত। বিজেপিয়ে ২৮২ ৰ পৰা ৩৬৫ খন আসন লাভ কৰিব বুলি সমীক্ষাত প্ৰকাশ কৰিছে । লোকসভা নিৰ্বাচনৰ ৫৪৩ আসনৰ ভিতৰত ৫৪২ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ।

চি ভোটাৰ - আই এ এন এচয়ে প্ৰকাশ কৰা এগজিট প'লৰ মতে লোকসভা নিৰ্বাচনত ২৮৭ আসন লাভৰে পুনৰ চৰকাৰ গঠন কৰিব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ খনে কিন্তু বিজেপিয়ে আশা কৰা ২৩৬ খন আসনৰ সংখ্যা হ্ৰাস হব পাৰে বুলি প্ৰকাশ কৰে।

এন ডি এয়ে ৪২.৩ শতাংশ লাভ কৰাৰ লগতে ইউ পি এয়ে ২৯.৬ শতাংশ আৰু অন্যান্যয়ে ২৮.১ শতাংশ লাভ কৰিব ।

কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খনে লাভ কৰিব ১২৮ খন আসন। ২০১৪ চনত ৫৯ খন লাভ কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি