লোকসভা নিৰ্বাচন: গুৱাহাটীত নিৰাপত্তা পৰ্যবেক্ষকক নিয়োগ

লোকসভা নিৰ্বাচন: গুৱাহাটীত  নিৰাপত্তা পৰ্যবেক্ষকক নিয়োগ
Published on

২০১৯ ৰ লোকসভা নিৰ্বাচন সুকলমে পৰিচালনা কৰিবলৈ নিৰ্বাচনী আয়োগৰ বিভিন্ন পদক্ষেপ । লোকসভা নিৰ্বাচনত যাতে কোনো বিসংগতি নহয় তাৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগে ৰাজ্যত নিৰ্বাচন সম্পৰ্কীয় দিশ সমূহৰ ওপৰত পৰ্যাবেক্ষন কৰিবলৈ অসমৰ বিভিন্ন জিলাত পৰ্যবেক্ষকক নিয়োজিত কৰিছে।

গুৱাহাটীত তৃতীয় পৰ্যায় ভোট ২৩ এপ্ৰিলত অনুষ্ঠিত হব । গুৱাহাটীৰ ৭ টা HPC আৰু মংগলদৈৰ ৮ টা HPC ৰ বাবে আই পি এচ এডিজিপি শংকৰ জিৱালক আৰক্ষী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

২৮ মাৰ্চত কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠক অনুস্থিত হৈছিল । এই বৈঠকত উপস্থিত আছিল আই পি এচ এডিজিপি শংকৰ জিৱাল, গুৱাহাটীৰ ৭ HPC ৰ ৰিটাৰনিং অফিচাৰ , জিলা নিৰ্বাচনী বিষয়া কমল কুমাৰ বৈশ্য, ডি আই জি ব্ৰজেনজিৎ সিংহা, কামৰূপৰ এচ পি প্ৰাৰ্থ সাৰথি মহন্ত আৰু দুয়ো খন জিলাৰ বিষয়া আৰু আৰক্ষী বিষয়া উপস্থিত থাকে ।

নিৰ্বাচন সম্বন্ধীয় যিকোনো বিষয়ৰ ওপৰত, কামৰূপ জিলাৰ নিৰ্বাচনীত লোকসকল, ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ যিকোনো বিষয় ওপৰত শংকৰ জিৱালৰ পোনপটীয়াকৈ লগ কৰিব পাৰিব । গুৱাহাটী চাৰ্কিট হাউচত পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত লগ কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com