Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচন: নগাঁওৰ হোটেলৰ পৰা ১৪ লাখ টকা জব্দ

লোকসভা নিৰ্বাচন: নগাঁওৰ হোটেলৰ পৰা ১৪ লাখ টকা জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 April 2019 9:07 AM GMT

নগাঁও আৰক্ষী, আয়কৰ বিভাগৰ শাখা আৰু ফ্লাইঙ স্কুৱাৰ্ডৰ অভিযানত নগাঁওৰ হোটেলৰ কোঠাৰ পৰা ১৪ লাখ টকা জব্দ কৰে ।দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰাকক্ষণত নগাঁওৰ হয়বৰ গাঁওৰ হোটেলৰ কোঠাৰ পৰা এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ।

ঘটনাৰ লগত জড়িত ৩ জন লোকক আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে চাকিল আখটাৰ, জিতেন গোস্বামী আৰু অৰিন্দম কাকতি। পিছত তিনিও জনে জামিনত মুকলি হৈ আহে ।

আৰক্ষীৰ লগতে , আয়কৰ বিভাগ আৰু ফ্লাইঙ স্কুৱাৰ্ডৰ যৌথ অভিযান সোমবাৰে নিশা অভিযান চলাইছিল । এই অভিযানতে হোটেলৰ ৰুমৰ পৰা ১৪.৯৩ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে প্ৰাৰম্ভিক অভিযানতে বৃহৎ পৰিমাণৰ টকা খিনি জব্দ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে হোটেলৰ কোঠাটো জেষ্ঠ কংগ্ৰেছী নেতায়ে লৈছিল । ইতিমধ্যে এই কংগ্ৰেছৰ নেতাক আটক কৰা হৈছে ।

টকা খিনি কংগ্ৰেছৰ চিহ্ন থকা খামত ভৰোৱা হৈছিল । এই খাম সমুহত ২,০০০ ৰ পৰা ১০,০০০ টকা ভৰোৱা আছিল । ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈয়ে প্ৰকাশ কৰে যে টকা খিনি নিৰ্বাচনী এজেন্টৰ কাৰনে । টকা খিনি বৈধ বুলি প্ৰকাশ কৰে । লগতে প্ৰদুৎ বৰদলৈয়ে প্ৰকাশ কৰে যে এয়া কংগ্ৰেছৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ ।

গুৱাহাটীৰ অভিযানত হোজাই আৰু আঠগাওঁৰ পৰা ১২ লাখ টকা জব্দ কৰা হৈছে । ঘটনাৰ সংক্ৰান্তত ২ জন লোকক আটক কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি