Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচন: নাগৰিকত্ব সংশোধনি বিধেয়ক সমৰ্থন বিজেপিৰ

লোকসভা নিৰ্বাচন: নাগৰিকত্ব সংশোধনি বিধেয়ক সমৰ্থন বিজেপিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 April 2019 9:26 AM GMT

বিজেপি পুনৰ ক্ষমতা লৈ আহিলে নাগৰিকত্ব সংশোধনি বিধেয়ক গৃহিত কৰা হব বুলি বিজেপিয়ে প্ৰকাশ কৰাৰ পাছত ৰাজ্যত লোকসভা নিৰ্বাচনকৈ ৰাজ্যবাসীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ জেষ্ঠ নেতা সকলৰ উপস্থিতিত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। নিৰ্বাচনী ইস্তাহাৰ খনত উল্লেখ আছে যে যদি বিজেপি ক্ষমতা লৈ আহে তেতিয়া নাগৰিকত্ব সংশোধনি বিধেয়ক খন সংসদ পুনৰ উত্থাপন কৰিব বিজেপিয়ে ।

কিন্তু বৰ্তমান সময়ত চৰ্চিত প্ৰশ্ন হৈছে বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে সংসদত নাগৰিকত্ব সংশোধনি বিধেয়ক খন পুনৰ উত্থাপন কৰিব । তেনে ক্ষেত্ৰত অগপৰ স্থিতি কি হব । পুনৰ অগপয়ে মিত্ৰতা ভংগ কৰিব নেকি বিজেপিৰ সৈতে । সংসদত বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনি বিধেয়ক খন উত্থাপন কৰিলে অগপয়ে মিত্ৰতা ভংগ কৰি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নেকি ।

নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ বিৰোধিতা কৰি অগপয়ে মিত্ৰতা ভংগ কৰিছিল শাসক দল বিজেপিৰ লগত । অগপৰ এই পদক্ষেপত অসমৰ ৰাইজৰ লগতে আছু আৰু আন জাতীয় সংগঠন সমূহে সমৰ্থন আগবঢ়াইছিল । আছুকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন সমূহৰ লগতে আঞ্চলিক দল সমুহে নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰিছিল । আছুকে ধৰি এন ই এচ অৰ নেতাৰ অনুৰোধত ৰাজ্য সভাত বিতৰ্ক নাগৰিকত্ব সংশোধনি বিধেয়ক গৃহীত হবলৈ নিদিয়ে ।

নাগৰিকত্ব সংশোধনি বিধেয়কৰ খনৰ বিৰোধিতা কৰি অগপয়ে মিত্ৰতা ভংগ কৰিছিল । পুনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিৰ সৈতে মিত্ৰতা কৰে অগপয়ে । এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিজেপি পুনৰ ক্ষমতা লৈ আহিলে নাগৰিকত্ব সংশোধনি বিধেয়ক খন পুনৰ উত্থাপন কৰিব বুলি প্ৰকাশ কৰাৰ পাছত অগপৰ স্থিতি কি হব? সংসদত নাগৰিকত্ব সংশোধনি বিধেয়ক খন পুনৰ উত্থাপন হলে আন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ লগত বিধেয়ক খনৰ বিৰোধিতা কৰিব নে?

ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ বহুতো সংগঠনে বিজেপিৰ লগতে বিজেপি লোকসভা নিৰ্বাচনী ইস্তাহাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে । বিজেপিৰ বিতৰ্কিত বিধেয়ক খনৰ সমৰ্থন আগবঢ়াইছে বিজেপিয়ে । বিজেপিৰ এনে স্থিতিত কংগ্ৰেছে ইয়াক নিৰ্বাচনী আহিলা হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে । বিজেপিৰ এনে স্থিতিয়ে আগন্তুক লোকসভাৰ নিৰ্বাচনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট প্ৰভাৱ পেলাব ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি