Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচন: শান্তিপুৰ্ন ভাবে সমাপ্ত প্ৰথম পৰ্যায় ভোট গ্ৰহণ

লোকসভা নিৰ্বাচন: শান্তিপুৰ্ন ভাবে সমাপ্ত প্ৰথম পৰ্যায় ভোট গ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 April 2019 9:44 AM GMT

বৃহস্পতি বাৰে ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত ভোট গ্ৰহণ শান্তি পুৰ্ন ভাবে সমাপ্ত হয় । ৯৭৫৪ টা ভোট গ্ৰহণ কেন্দ্ৰত ৪১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হয় । অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ৫ টা সমষ্টিত অনুষ্ঠিত হয় । প্ৰথম পৰ্যায়ত ভোট গ্ৰহণত ভোটৰ হাৰ ৬৭.৪% ।

বৃহস্পতি বাৰে তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লক্ষিমপুৰত অনুষ্ঠিত হয় । লক্ষিমপুৰত ১১ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিছে, যোৰহাট আৰু ডিব্ৰুগড়ৰ পৰা প্ৰত্যেকৰ পৰা ৮ জনকৈ , তেজপুৰ আৰু কলিয়াবৰ প্ৰত্যেকৰ পৰা ৭ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিছে ।

ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে তেজপুৰ লোকসভা সমষ্টিত ভোটৰ হাৰ ৭০ %, কলিয়াবৰত ৬৪% , যোৰহাটত ভোটৰ হাৰ ৭২%, ডিব্ৰুগড়ত ৬৯% আৰু লক্ষিমপুৰত ৬২% ভোটৰ হাৰ । ৫ টা সমষ্টিত ভোটৰ হাৰ ৭৮.৭৯%।

৫ টা লোকসভা সমষ্টিৰ কেইবাটাও ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে পলম কৈ আৰম্ভ হৈছিল । পিছত ইভিএম সলনি কৰি দিয়ে । চাবুৱা এল পি স্কুল, মাজুলী ১২৩ টা ভোট গ্ৰহণ কেন্দ্ৰত , ৰায়দিংগিয়া এল পি স্কুল , টিয়কৰ বাম কুকুৰাচোৱা এল পি স্কুল আৰু ডিগবৈ বিবেকানন্দ হাই স্কুলত ইভিএম বিসংগতিৰ খবৰ পোৱা গৈছে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যোৰহাটত ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটদান সাব্যস্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জনাই " আমি নিশ্চিত জয় হম । বিজেপিৰ বেয়া সময় চলি হৈছে । সেয়েহে হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্বত অংশগ্ৰহন কৰিছে । কলিয়াবৰত কংগ্ৰেছ প্ৰাৰ্থী জয় হব। ২০১৪ চনত এ আই ইউ ডি এফে ২ লাখ ৩২ হাজাৰ ভোট লাভ কৰিছিল। আমি ৯০,০০০ ভোটত জয়লাভ কৰিছিল । ডিব্ৰুগড়ৰ লগতে যোৰহাটত কংগ্ৰেছ জয় লাভ কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী য়ে ।

দুলীয়াজানত ভোটদান কৰি ডিব্ৰুগড়ৰ বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে প্ৰকাশ কৰে ২০১৪ চনৰ নিৰ্বাচনতকৈও বিপুল ভোটত জয়লাভ কৰিব । ৪২৭ খন বৈঠকত জনসাধাৰণৰ পৰা বিপুল সহাৰি লাভ কৰিছে বুলি প্ৰকাশ কৰে। ৩ লাখৰ অধিক ভোট লাভ কৰিব বুলি প্ৰকাশ কৰে ৰামেশ্বৰ তেলীয়ে ।

তেজপুৰৰ বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসে ভোট দান কৰি প্ৰকাশ কৰে যে দেশবাসীয়ে প্ৰধানমন্ত্ৰী মোদীৰ অধিনত এখন শক্তিশালী দেশ বিচাৰে বুলি প্ৰকাশ কৰে। সেয়েহে প্ৰধানমন্ত্ৰীৰ দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ ভোট দান কৰিব বুলি প্ৰকাশ কৰে।

এম জি ভি কে ভানুয়ে ভোট দান কৰি প্ৰকাশ কৰে যে অসম বাসিয়ে বিজেপি চৰকাৰৰ শাসনত অসন্তুষ্টি প্ৰকাশ কৰিছে সেয়েহে নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰুদ্ধে বিজেপিক ভোট নিদিয়ে বুলি প্ৰকাশ কৰে ।

ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, লক্ষিমপুৰ আৰু তেজপুৰৰ মুঠ ৯,৫৭৪ টা ভোট গ্ৰহণ কেন্দ্ৰ আছিল আৰু ভোটাৰৰ সংখ্যা ৭৬,০৩,৪৫৮ । ইয়াৰে ৩,৯৯০ ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি প্ৰকাশ কৰে নিৰ্বাচনী আয়োগে ।

প্ৰথম পৰ্যায় ভোট গ্ৰহণত পুৰুষ ভোটাৰ সংখ্যা ৩৪,৬৫,৩৩৪ আৰু মহিলা ভোটাৰ সংখ্যা ৩৭,৩৭,৯৭০ আৰু ১৫৪ তৃতীয় লিংগৰ ভোটাৰ আছিল ।

১৮০ টা কোম্পানীৰ নিৰাপত্তা ৰক্ষী নিয়োগ কৰা হৈছে প্ৰথম পৰ্যায় নিৰ্বাচনত। ৪২,১২৬ নিৰ্বাচনী বিষয়াক নিয়োগ কৰে । ১০% সংৰক্ষণ কৰা হৈছে ।

বৃহস্পতি বাৰে ভোট গ্ৰহণ কেন্দ্ৰ সমুহত ইভিএমৰ লগত ভিভিপেট ব্যবহাৰ কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি