Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচন: ৩ বজালৈকে ভোটদানৰ হাৰ ৫৯.৪৬%

লোকসভা নিৰ্বাচন: ৩ বজালৈকে ভোটদানৰ হাৰ ৫৯.৪৬%

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2019 10:43 AM GMT

আজি ৰাজ্যৰ পাঁচ টা লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায় ভোট গ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ।

দিনৰ ৩ বজালৈকে ভোটৰ হাৰ ৫৯.৪৬ শতাংশ । বৰ্তমানলৈকে তেজপুৰত ভোটৰ হাৰ সৰ্বাধিক । দিনৰ ৩ বজালৈকে তেজপুৰত ভোটৰ হাৰ ৬৩.০১ %, কলিয়াবৰত ভোটৰ হাৰ ৬০% , যোৰহাটত ভোটৰ হাৰ ৬২%, ডিব্ৰুগড়ত ভোটৰ হাৰ ৫৯.২৯%, লক্ষিমপুৰত ভোটৰ হাৰ ৫৩% ।

ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ । আজি প্ৰথম পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হৈছে । তেজপুৰ, লক্ষিমপুৰ, কলিয়াবৰ, ডিব্ৰুগড় আৰু যোৰহাটত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।

এই ৫ টা লোকসভা সমষ্টিত ভোটাৰ সংখ্যা হৈছে ৭৬,০৩,৪৫৮ ।৯৫৭৪ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। ৫ টা লোকসভা সমষ্টিত ৪১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হব ।

ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ১৮০ নিৰাপত্তা কোম্পানী নিয়োগ কৰিছে ৰাজ্যত । প্ৰথম পৰ্যায়ত ৪০ টা অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে ৯৫৭৪ টা ভোট গ্ৰহণ কেন্দ্ৰত ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি