শঙ্কৰদেৱৰ অৱদান সমূহৰ সংগ্ৰহালয় স্থাপন কৰিব চৰকাৰে

শঙ্কৰদেৱৰ অৱদান সমূহৰ সংগ্ৰহালয় স্থাপন কৰিব চৰকাৰে
Published on: 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান সমূহক জিয়াই ৰাখিবৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ৰাজ্য চৰকাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত অতি সোনকালে এটা সংগ্ৰহালয় নিৰ্মানৰ সিদ্ধান্ত গ্ৰহন কৰিছে।নতুন প্ৰজন্মৰ লগতে পৰ্যটক সকলৰ মাজত মহাপুৰুষ জনৰ ব্যক্তিত্বৰ লগতে অসমীয়া সমাজলৈ তেওঁৰ অবদানসমূহক চিনাকি কৰি দিয়াৰ বাবেই ৰাজ্য চৰকাৰৰ এই পদক্ষেপ বুলি জানিব পৰা গৈছে।অসম সচিবালয়ত আলোচনা কক্ষত অনুস্থিত হোৱা সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে শ্ৰীমন্ত শংকৰদেৱ বহুমুখী ব্যক্তিত্বৰ গৰাকী,তেওঁ কেৱল বৈষ্ণৱ পণ্ডিতেই নাছিল,তেওঁ অসমীয়া সমাজক বিশ্ববাসীৰ মাজত দাঙি ধৰিবলৈ সকলোধৰনৰ চেষ্ঠাই অব্যাহত ৰাখিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com