Begin typing your search above and press return to search.

শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ মাৰ্ঘেৰিটা আৰু শিৱসাগৰত

শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ মাৰ্ঘেৰিটা আৰু শিৱসাগৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2018 10:48 AM GMT

ৰাজ্যৰ ১৬ খন জিলাৰ লগতে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিচুকীয়া জিলাটো বুধবাৰে হোৱা পঞ্চায়ত নিৰ্বাচনত বিয়লি ৩.৪৫ মিনিটলৈকে ৩৪.৯৩ শতাংশ ভোটদান অনুষ্ঠিত হয়। ডিগবৈৰ বৰবিল গাওঁ পঞ্চায়তৰ ৰামনগৰ প্ৰাথমিক বিদ্যালয়ত বিয়লি পৰ্যন্ত প্ৰায় ৪০০ ভোটাৰে ভোটদান কৰে।

পুৱা ৭ বজাৰ পৰা হোৱা ভোটগ্ৰহণ কিছুসংখ্যক ভোটকেন্দ্ৰত বিয়লি ৩ বজাত পৰ্যন্ত ভোটগ্ৰহণ শেষ হোৱা নাছিল ৷ আনহাতে,৩ টা জিলা পৰিষদ,১১টা গাওঁ পঞ্চায়তেৰে ডিগবৈ হৈছে শান্তি পূৰ্ণ জিলা ৷ আনহাতে মাৰ্ঘৰিটাত ৫ টা জিলা পৰিষদৰ লগতে ২২টা গাঁও পঞ্চায়তৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ২৫২ টা ভোটগ্ৰহণ কেন্দ্ৰত ৷

অন্যহাতে শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠানত প্ৰায় ৮১.৪ শতাংশ ভোটাৰে ভোটদান সম্পন্ন কৰে । শিৱসাগৰ জিলাত ২,৪৮৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৪,৫৪,৮৬১ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ইফালে চৰাইদেউ জিলাত প্ৰায় ৭৮.২৩ শতাংশ ভোটদান সম্পন্ন হয়।

উল্লেখ্য যে জিলাখনত ভোটগ্ৰহন কেন্দ্ৰসমূহত ১০০০ মিলিটেৰীৰ লগতে ৪০০ আৰক্ষী বাহিনীৰ উপস্থিতিত শান্তিপূৰ্নভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি