Begin typing your search above and press return to search.

শান্তিৰ বাবে সন্ত্ৰাসবাদ শেষ হব লাগিব: নৰেন্দ্ৰ মোদী

শান্তিৰ বাবে সন্ত্ৰাসবাদ শেষ হব লাগিব: নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 May 2019 8:31 AM GMT

দুয়োখন দেশৰ শান্তি আৰু সমৃদ্ধিৰ বাবে সন্ত্ৰাসবাদ শেষ হব লাগিব বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

লোকসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতা আৰু মোদীৰ বিজয়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কৰি অভিনন্দন জ্ঞাপন কৰে।

ইমৰান খানৰ অভিনন্দনত মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে লগতে "প্ৰতিবেশী প্ৰথম নীতি"ৰ সন্দৰ্ভত প্ৰকাশ কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় বিভাগেৰ সুত্ৰয়ে প্ৰকাশ কৰে ।

"দেশৰ শান্তি, অগ্ৰগতি আৰু সমৃদ্ধিৰ বাবে হিংসা আৰু সন্ত্ৰাসবাদ মুক্ত পৰিবেশ গঢ়ি তুলিব লাগিব বুলি প্ৰকাশ কৰে ।

" দক্ষিণ এছিয়াত শান্তি, উন্নয়ন আৰু সমৃদ্ধিৰ বাবে দুয়োখন দেশে কাম কৰি যাব বুলি প্ৰকাশ কৰে। "

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ ফাইচালে টুইটাৰযোগে যোগে প্ৰকাশ কৰে যে ইমৰান খানে মোদীক দুয়োখন দেশৰ জনসাধাৰণৰ উন্নয়নৰ বাবে একেলগে কাম কৰাৰ পোষকতা কৰে ।

ফেব্ৰুৱাৰীৰ পুলোৱামা কাণ্ডৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক অধিক তিক্ততা পূৰ্ন হৈ পৰে। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ জেইছ ই-মহম্মদৰ মহম্মদে পুলোৱামা কাণ্ড সংঘটিত কৰিছিল ।এই আক্ৰমণত ৪০ জনকৈ চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল ।

পুলোৱামা কাণ্ডৰ পাছত ভাৰতে বালাকোটৰ সন্ত্ৰাসবাদীৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক কৰে । আক্ৰমণ- প্ৰত্যাক্ৰমন ঘটনাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক অধিক তিক্ত হৈ পৰে ।

ইমৰান খানে প্ৰথমতে টুইটাৰযোগে নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছিল ।

ইমৰান খানে এপ্ৰিলত এটা সাক্ষাৎকাৰ অনুষ্ঠানত প্ৰকাশ কৰিছিল যে ভাৰতৰ লগত শান্তি আলোচনা কৰাটোয়ে উত্তম হব আৰু যদি লোকসভা নিৰ্বাচনত বিজেপি যদি পুনৰ ক্ষমতালৈ আছে তেনে কাশ্মীৰৰ ক্ষেত্ৰতো সিদ্ধান্ত উপনিত হব বুলি প্ৰকাশ কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি