Begin typing your search above and press return to search.

শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান: কুলধৰ শইকীয়া

শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান: কুলধৰ শইকীয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Feb 2019 11:58 AM GMT

দিছপুৰৰ জনতা ভৱনত মুখ্য সচিব শ্ৰী আলোক কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত মুখ্য সচিব সঞ্চয় কুমাৰ কৃষ্ণাৰ সংবাদ মেল। ৰাজ্যখনৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰি অটুট ৰখাৰ বাবে সকলো পক্ষলৈ অনুৰোধ জনাই শইকীয়াই কয় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ অভিযোগ উত্থাপন কৰা সকলোৰে আধিকাৰ আছে।

কিন্তু গণতান্ত্ৰিক ব্যৱস্থাৰ গণ্ডীৰ ভিতৰতে নিজৰ নিজৰ প্ৰতিবাদ সাব্যস্ত কৰা উচিত। অন্যথা, এনে প্ৰতিবাদৰ গইনা লৈ আমাৰ মাজত থকা অশুভ তথা বিভেদকামী শক্তিসমূহে সমাজত অসূয়া শক্তি সৃষ্টি কৰি এক অৰাজক পৰিস্থিতিৰ সূচনা কৰাৰ পূৰ্ণ আকাঙ্ক্ষা থাকে।

শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই আলফাই ফোন যোগে পৰোক্ষভাৱে প্ৰতিবাদ কৰি থকা বুলি কোৱা মন্তব্যত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই কয় এই বিষয়ত তেওঁলোকে অনুসন্ধান চলাই আছে পৰৱৰ্তী সময়ত ইয়াক সঠিক ৰূপত ডাঙি ধৰিব।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি