Begin typing your search above and press return to search.

শামুকীয়া গতিৰে আগবাঢ়িছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অগ্ৰগতি

শামুকীয়া গতিৰে আগবাঢ়িছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অগ্ৰগতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 May 2019 7:24 AM GMT

নগাঁও বাইপাছৰ পৰা ডিব্ৰুগড়লৈকে তথা কলিয়াবৰ , ড’লাবাৰী,গহপুৰ,নুমলীগড়ৰ এই চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰীসকলে বাৰুকৈয়ে অতি কঠিন পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰিব লগা হয় ৷ বিগত শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰে আৰু এনএইচআইডিচিএলৰ কৰ্তৃপক্ষক পথটোৰ যাত্ৰীসকলক কাম অতি শীঘ্ৰেই সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে ৷ যাতে পথটোৰ যাত্ৰীসকলে সুকলমে যাত্ৰা কৰিব পাৰে ৷

ইফালে ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো কাৰ্য সম্প্ৰতি সন্তোষজনক নহয় ৷ কলিয়াবৰ তিনিআলি আৰু ড’লাবাৰীৰ এই পথটোৱেদি গহপুৰলৈ যাত্ৰা কৰা নগাওঁ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ কাম ছটা পেকেজত ভাগ কৰা হৈছে ৷ ইয়াৰে দুটা পেকেজৰ বাহিৰে বাকী পেকেজ সমূহৰ কাম অত্যন্ত সীমিত গতিৰে আগবাঢ়িছে ৷ প্ৰায় ১৫৯.৪ কোটি টকাৰ ১৮.৪ কিলোমিটাৰ নগাঁও বাইপাছ ৰঙাগৰাৰ কামৰ অগ্ৰগতি হৈছে ১৬.২৫ শতাংশ ৷

ঠিক তেনেদৰে, প্ৰায় ১৯৬.২৪ কোটি টকাৰ ১৮.৩১৫ কিলোমিটাৰ ৰঙাগৰা কলিয়াবৰ তিনিয়ালিৰ কামৰ অগ্ৰগতি হৈছে ৪.০২৭ শতাংশ ৷ ৭৪৪.১ কোটি টকাৰ ১৮.৮১ কিলোমিটাৰ দ’লাবাৰী জামুগুৰিৰ অগ্ৰগতি হৈছে ১০.১৪ শতাংশ ৷ ৩০৩ কোটি টকাৰ ২৬ কিলোমিটাৰ জামুগুৰী বিশ্বনাথ চাৰিআলিৰ কামৰ অগ্ৰগতিৰ হৈছে ১৮.২৫ শতাংশ। ইফালে কলিয়াবৰ তিনাআলিৰ পৰা ড’লাবাৰী এই পথছোৱা ৫৮৮.৯৫ কোটি টকাৰ ১৭.৩ কিলোমিটাৰ পথৰ কামৰ অগ্ৰগতিৰ হয় ৫১.০৭ শতাংশ৷ এই স্থানত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙো নিৰ্মাণ কৰিছে ৷ ৮২৯ কোটি টকাৰ ৫৭.৫ কিলোমিটাৰ বিশ্বনাথ চাৰিআলি পৰা গহপুৰৰ এই পথৰ কাম অগ্ৰগতি ৩৯.৬০৮ শতাংশৰে অতি সীমিত গতিত হৈছে ৷

অন্যহাতে, ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি অগ্ৰগতি সেয়া সন্তোষজনক নহয় ৷ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটোৰ ভাগ্য সম্প্ৰতি চলিত বৰ্ষৰ ২৩ মে’ৰ পিছত আহিবলগীয়া নতুন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে ৷ ৰাজ্য চৰকাৰ ওচৰত সম্প্ৰতি কামত হস্তক্ষেপ কৰাৰ বাহিৰে একো নাই ৷ কেন্দ্ৰই এই সমগ্ৰ বিষয়টোৰ ওপৰত সমাধান কৰিবনে ? সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথটোৰ বাহন চলাচল তথা যাত্ৰীসকলৰ যাত্ৰা যাতে মসৃণ হয় তাৰ দায়িত্ব এনএইচআইডিচিএলৰ ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি