Begin typing your search above and press return to search.

শামুকীয়া গতিৰে আগবাঢ়িছে দিশপুৰ আৰক্ষী থানাৰ কাম কাজ

শামুকীয়া গতিৰে আগবাঢ়িছে  দিশপুৰ আৰক্ষী থানাৰ কাম কাজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 March 2019 8:35 AM GMT

১৯৯০ চনৰ পিছৰ পৰা দিশপুৰ আৰক্ষী থানাত প্ৰায় ৭,৬২৮ টা গোচৰ সমাধানৰ অপেক্ষাত আছে ৷ আৰক্ষী থানাখনত বৰ্ষৰ পিছত বৰ্ষ ধৰি এনেধৰণৰ বিভিন্ন গোচৰ সমাধান নোহোৱাকৈ আছে। এক বিশেষ সূত্ৰৰ মতে ইয়াৰ প্ৰধান কাৰণ হৈছে সীমিত পৰিমাণৰ কৰ্মী৷ ইফালে এই দিশপুৰ আৰক্ষী থানাখনত শীৰ্ষ বিষয়া,বিধায়ক, সকলোৱে নিজৰ অভিযোগ সমূহ দাখিল কৰাৰ লগতে সকলোৰে সুবিধা হোৱাকৈ এক নিদিষ্ট স্থানত অৱস্থিত হোৱা কাৰণে থানাখনৰ স্থানীয় জনসাধাৰণে নিজৰ অভিযোগসমূহক লৈ এজাহাৰ দাখিল কৰে ৷

বিভাগীয় কৰ্তৃপক্ষৰ অভিযোগসমূহৰ ক্ষেত্ৰত দিয়া তথ্য অনুসৰি ২০১৬ চনত ৩২১৮ টা গোচৰ দাখিল হৈছিল,২০১৭ চনত ৩৫৯১ টা গোচৰ,২০১৮ চনত ৩,৯৬২ টা গোচৰ আৰু ২০১৯ চনত ৭৫০টা গোচৰ দাখিল কৰিছিল ৷ এই গোচৰ সমুহৰ ভিতৰত প্ৰায় সংখ্যক গোচৰ সম্পত্তি,চোৰ, পাৰিবাৰিক আৰু দূৰ্ঘটনা আদি ঘটনা সমুহ ধাৰা ৪২০ ৰ অধীনত দাখিল হৈছে ৷ সম্প্ৰতি,আৰক্ষী থানাখনত পোৱা গোচৰ সমূহৰ সংখ্যা প্ৰতি দিনে বাঢ়ি গৈছে ৷

কিন্তু সেই অনুসৰি বঢ়া নাই কৰ্মীৰ সংখ্যা ৷অন্যহাতে আৰক্ষী থানাখনত এজন ইন্সপেক্টৰ আছে , ১৮ টা চাব ইন্সপেক্টৰৰ পদৰ বিপৰীতে আছে ১৪ জন চাব ইন্সপেক্টৰ,১২ টা হেড কনিষ্টবল পদৰ বিপৰীতে আছে ১০ জন,আৰু ৯০ টা কনিষ্টবল পদৰ বিপৰীতে ৩০ জন কনিষ্টবলে নিজৰ দায়িত্ব পালন কৰি আছে ৷উল্লেখ্য যে আৰক্ষী থানা খনত এক দীঘলীয়া সময় ধৰি গোচৰ থকা এজন লোকে কয় যে এই আৰক্ষী থানাখনৰ মহত্ত্বলৈ চাই অভিজ্ঞ কৰ্মীক নিযুক্তি দিব লাগে ৷সম্প্ৰতি থানাখনত এনে কিছু কৰ্মী আছে যিয়ে নিজৰ দায়িত্ব পালন নকৰে ৷ গতিকে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষ্যনীয়।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি