শাসকীয় দলৰ প্ৰতিবাদী সমদল, কিন্তু কাৰ বিৰুদ্ধে?

শাসকীয় দলৰ প্ৰতিবাদী সমদল, কিন্তু কাৰ বিৰুদ্ধে?

তিনিচুকীয়া জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি লক্ষেশ্বৰ মৰাণক শাৰীৰিক আক্ৰমণৰ আৰু দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিবাদী সমদল বাহিৰ কৰে। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৩৯ খন সাংগঠনিক জিলাৰ লগতে গুৱাহাটী জিলা সমিতিয়ে উজান বজাৰস্থিত দলৰ উত্তৰ পূৱ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল কৰে।

লগতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ ওপৰত মানসিক আৰু শাৰীৰিক আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com