Begin typing your search above and press return to search.
শাৰীৰিক নিৰ্যাতনৰ অপৰাধত এজনক গ্ৰেপ্তাৰ

শাৰীৰিক নিৰ্যাতন কৰাৰ অপৰাধত যোৱা বৃহস্পতিবাৰে নিশা তামুলপুৰ আৰক্ষীয়ে এজন লোকক আটক কৰে । আটক কৰা লোক জনক চিনাক্ত কৰা অনুসৰি ৰফিকুল ইছলাম(৩৪) বুলি জানিব পৰা গৈছে । লোক জন বৰপেটা জিলাৰ কলগছিয়াৰ নিৱাসী । ৰফিকুল বৃত্তিত এজন ৰাজমিস্ত্ৰী আৰু কৰ্মসূত্ৰে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌৰাগুৰি গাঁৱৰ ওচৰৰ মাটংগাপাৰাত এটি ভাড়া ঘৰত বাস কৰিছিল ।
জানিব পোৱা মতে,ৰফিকুলে এগৰাকী কিশোৰীক শৌচালায়লৈ যোৱা অৱস্থাত নিৰ্যাতন কৰিবলৈ চেষ্টা কৰে । কিশোৰী গৰাকী সেই একেটা চৌহদৰ ভাড়া ঘৰতে বাস কৰিছিল । ছোৱালী জনীৰ মাতৃয়ে ঘটনাটি সম্পৰ্কত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।আৰু তামুলপুৰ আৰক্ষীয়ে ৰফিকুলক গ্ৰেপ্তাৰ কৰে আৰু ঘটনা পঞ্জীয়ন কৰে ।
Next Story