শিলচৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধিৰ দল আৱদ্ধ

শিলচৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধিৰ দল আৱদ্ধ
Published on

শিলচৰ আৰক্ষীয়ে অসমৰ এনআৰচি বুজ লবলৈ অহা তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক কুম্ভীৰগ্ৰাম বিমান বন্দৰত আৱদ্ধ কৰি ৰাখে।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সচিব মমতা বেনাৰ্জীৰ প্ৰৰোচনাত এনআৰচি সন্দৰ্ভত আলোচনাৰ বাবে আহিছিল প্ৰতিনিধিৰ দলটো।কাচাৰ জিলাৰ প্ৰশাসনে শিলচৰত ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰিছে।অসম পুলিচে কোনো জাননী নিদিয়াকৈ তেওঁলোকক আৱদ্ধ কৰিছে বুলি অভিযোগ কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ,বিধায়ক সকলে।আৰক্ষীয়ে দলটোক অপদস্থ কৰাৰ অভিযোগ কৰিছে সাংসদ কাকলি ঘোষ দস্তিদাৰৰ।প্ৰতিনিধিৰ দলটোত তৃণমূল কংগ্ৰেছৰ সাংসদ ক্ৰমে সুখেন্দু শেখৰ ৰয়,কাকলি ঘোষ দস্তিদাৰ,ৰত্ন দে নাগ,নাদিমুল হক,অৰ্পিতা ঘোষ,মমতা ঠাকুৰ,ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিম আৰু বিধায়ক মহুৱা মইট্ৰা এনআৰচি সম্পৰ্কত আলোচনা কৰিবলৈ শিলচৰত উপস্থিত হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com