Begin typing your search above and press return to search.

শিলচৰত পৰিৱৰ্তন ইতিহাসঃ পৰাজয় সুস্মিতা দেৱৰ

শিলচৰত পৰিৱৰ্তন ইতিহাসঃ পৰাজয় সুস্মিতা দেৱৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 May 2019 2:21 PM GMT

শিলচৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰাকৰ প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱৰ ৭৭,৬৭১ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে শিলচৰ লোকসভা সমষ্টিৰে প্ৰাৰ্থী ড° ৰাজদ্বীপ ৰয়ৰ হাতত ৷ কিন্তু আমি যদি ইতিহাসলৈ লক্ষ্য কৰোঁ ৷ তেতিয়া শিলচৰ দেখা যায় শিলচৰৰ সুস্মিতা দেৱ হৈছে কংগ্ৰেছ এগৰাকী প্ৰভাৱশালী নেত্ৰী।

ইফালে সুস্মিতা দেৱ প্ৰিয়াংকা গান্ধীৰ লগত নিৰ্বাচনী প্ৰচাৰ কৰোঁতে যথেষ্ট প্ৰশংসা অৰ্জন কৰিছিল। প্ৰিয়াংকা গান্ধীয়ে বৰাক উপত্যকাৰ ইণ্ডিৰা গান্ধী আখ্যা দিছিল সুস্মিতা দেৱক ৷ তেনেস্থলত সুস্মিতাৰ এই পৰাজয় যথেষ্ট মন কৰিব লগীয়া ৷ যি কি নহওঁক পেছাত এগৰাকী চিকিৎসক ড° ৰাজদ্বীপ ৰয়ে সুস্মিতা দেৱক পৰাজয় কৰোৱাটো যথেষ্ট আশ্চৰ্য্যজনক ৷

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজদ্বীপ ৰয়ৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো উত্থাপন কৰিছিল ৷গতিকে এই ক্ষেত্ৰত শিলচৰৰ আসনত বঙালী হিন্দুৰ ভোটাৰ পক্ষ এক উল্লেখ্যনীয় দিশ হিছাপে পৰিগণিত হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি