Begin typing your search above and press return to search.

শিলনীজানত ধনশিৰী নৈত স্থায়ী দলং নিৰ্মাণৰ দাবী

শিলনীজানত ধনশিৰী নৈত স্থায়ী দলং নিৰ্মাণৰ দাবী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2018 8:16 AM GMT

কাৰ্বি আংলং জিলাৰ শিলনীজান, ডিহিঙ্গীয়া, কাঠকটীয়া, বৰগাওঁ, আহোমনী, টিংবস্তি, পানীকা বস্তি, পুৰণা বৰপথাৰ আদি অঞ্চলৰ লগতে গোলাঘাট জিলাৰ টেঙানী, বৰহোলা শ্যাম গাওঁ, বাৰঘৰীয়া, তিনিকুৰীয়া, চাবিশ ঘৰীয়া, বিলগাওঁ, ধোন্দাচাম আদি অঞ্চলৰলোকসকলৰ আহ-যাহৰ একমাত্ৰ মাধ্যম হল ধনশিৰী নদীৰ শিলনীজান ঘাটটো কিন্তু অতি পৰিতাপৰ কথা যে আজিও হৈ নুঠিল এই ঘাটটোত এখন স্থায়ী দলং ।

কৃষিয়েই হ'ল ধনশিৰী নৈৰ দুয়োপাৰৰ জনসাধাৰণৰ জীৱিকাৰ প্ৰধান সম্বল । কৃষি উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে ঘাটটোৰেই ধনশিৰী নদী পাৰ কৰি খেতিয়কে শিলনীজান আনিব লগা হয়। খৰালি বাহৰ দলং আৰু বাৰিষা টুলুঙা নাৱেৰেই দৈনিক বিপদ সংকুল ভাৱে যাতায়ত কৰিব লগা হয় শ শ লোক ।

ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ উপশমৰ বাবে বহু বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে ধনশিৰীৰ দুয়োপাৰৰ জনসাধাৰণে । অনতি পলমে চৰকাৰে ধনশিৰী নদীৰ ওপৰত শিলনীজান ঘাটটোত এখন স্থায়ী দলং নিৰ্মাণৰ জৰিয়তে টুলুঙা নাৱত জীৱটো বুকুত বান্ধি পাৰ হোৱা ভয়াবহ যাতায়তী ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন কামী চৰকাৰৰ ওচৰত ।

Next Story
চাকৰি