শিলনীজানৰ ধনশিৰী নৈত মেচিনেৰে অবাধ বালি খনন অব্যাহত

শিলনীজানৰ ধনশিৰী নৈত মেচিনেৰে অবাধ বালি খনন অব্যাহত
Published on

যি সময়ত আমাৰ ধৰা খন ৰক্ষাৰ স্বাৰ্থত পৰিবেশ সংক্ৰান্তীয় বিভিন্ন বিষয় বস্তু সন্দৰ্ভত বিশ্ব জুৰি সজাগতা সৃষ্টি কৰিবলৈ সকলো দেশ একত্ৰিত হৈছে, ৰাষ্ট্ৰসংঘত যোৱা চাৰিটা দশক জুৰি পৰিবেশ সম্পৰ্কীয় সজাগতা যেনে জলবায়ু পৰিবৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । অন্যহাতে অসম চৰকাৰেও বিদ্যালয় শিক্ষাত পৰিবেশ অধ্যয়ন, বনজ সম্পদ সংৰক্ষণ, ৰাজ্য জুৰি গছ পুলি ৰোপন, ৰাজ্যৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, এখন বহনক্ষম ধৰাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে সেইসময়তে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দেওঁপানী স্বায়ত্ব পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শিলনীজান আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ধনশিৰী নৈত মেচিনেৰে বালিৰ খনন অব্যাহত ৰাখিছে একাংশ বালি মাফিয়াই ।

বন আইন উলংঘা কৰি মেচিনেৰে বালিৰ খনন অব্যাহত ৰখাৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত থকা বন বিভাগে কোনো ধৰনৰ গুৰুত্ব আৰোপ কৰা নাই । নদী কাষৰীয়া স্থানীয় ৰাইজৰ অভিযোগ মতে প্ৰতিবছৰে ধনশিৰী নদীৰ গৰা খহনীয়াই নদী কাষৰীয়া ৰাইজক সৰ্বস্বান্ত কৰিছে আৰু এই মেচিনেৰে বালি তোলা কাৰ্য্যই ও খহনীয়াত অৰিহনা যোগাইছে । সচেতন ৰাইজৰ অভিযোগ মতে শিলনীজান আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়টো ধনশিৰী, দৈগ্ৰোং ,নামবৰ নদীত বালিৰ খনন অব্যাহত ৰখা বালি মাফিয়াই পকেটত ৰাখি নিজ ইচ্ছা মতে কাৰ্য্যকলাপ চলাই যোৱাৰ অনুমতি লাভ কৰিছে।

উল্লেখযোগ্য যে উপৰুক্ত অঞ্চল সমূহৰ পৰা বালি সংগ্ৰহ কৰি ডিমাপুৰ, মনিপুৰলৈ বালি সৰবৰাহ দীৰ্ঘ দিনৰ পৰাই চলি আছে। নদীৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ উঠিবলৈ থকা পথ সমূহৰ পৰিবহন ওজন ক্ষমতা অতি কম হোৱা স্বত্তেও এই অত্যাধিক লোডৰ ট্ৰাক সমূহৰ দৈনিক চলাচলত গড়কাপ্তানি বিভাগৰ নতুনকৈ নিৰ্মাণ কৰা ও মেৰামতি কৰা পথ সমূহো কম দিনতে জৰাজীৰ্ন হবলৈ গতি কৰিছে। কিছু দিনৰ আগতে গড়কাপ্তানি বিভাগে কোনো কোনো পথৰ দাঁতিত গছত সৰ্বোচ্চ ওজন ক্ষমতাৰ ফলক অৰা দেখা গৈছিল আৰু বালিৰ ট্ৰাক বিলাকে ঘাইপথলৈ আধা আধা কৰি চাইডিং কৰি বালি লোড কৰা দেখা পোৱা গৈছিল। কিন্তু গড়কাপ্তানি বিভাগে এতিয়া চকু মুদা কুলিৰ ভাওত অৱতীৰ্ণ হোৱাত পুনৰ অভাৰ লোডিং ট্ৰাকৰ নিৰ্বিঘ্ন আহ যাহ অব্যাহত হোৱাত সচেতন ৰাইজৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com