Begin typing your search above and press return to search.

শিশু নিৰ্যাতনকাৰী এজনক গ্ৰেপ্তাৰ

শিশু নিৰ্যাতনকাৰী এজনক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:39 AM GMT

ৰাজ্য খনত মহিলা অপৰাধজনিত ঘটনা দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।উদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষীৰ থানাৰ অন্তৰ্গত বামুঞ্জলি গাওঁত ছয় বছৰীয়া সৰু ছোৱালী এজনী নিৰ্যাতনৰ বলি হোৱা ঘটনাই অঞ্চলটিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনা মৰ্মে,অভিযুক্তকাৰী আজগাৰ আলী বৃত্তিত এগৰাকী ৰাজমিস্ত্ৰী হিচাপে যোৱা কেইবাবছৰ ধৰি বামুঞ্জলি গাওঁৰ অঞ্চলটিত কাম কৰি আহিছে।অভিযুক্ত আজগাৰে যোৱা বৃহস্পতিবাৰে ওচৰ চুবৰীয়াৰ ৬বছৰীয়া ছোৱালী এজনীক নিৰ্যাতন কৰে।যেতিয়া ছোৱালীজনীয়ে কান্দি সহায়ৰ বাবে হাত বিচাৰে,তেতিয়া ছোৱালী জনীৰ মাতৃয়ে ল'ৰা ঢ়পৰাকৈ নিজ কন্যাক ৰক্ষা কৰে।স্থানীয় ৰাইজে খঙত বলীয়া হৈ আজগাৰক ডিমাকুছিৰ আৰক্ষীৰ হাতত গতাই দিয়াৰ পূৰ্বেই ৰাইজে প্ৰহাৰ কৰে।পিছত পৰিয়ালৰ লোকে যৌন অপৰাধৰ বিৰুদ্ধে আজহাৰৰ ওপৰত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু আইপিচি আধাৰ গোচৰ ৰুজু হয়।তদন্ত অব্যাহত থাকে।এই ঘটনাক লৈ এক শক্তিশালী প্ৰতিৱাদ হয় লগতে স্থানীয় ছাত্ৰ-ছাত্ৰীৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি উচিত শাস্তিৰ দাবী কৰে।

Next Story
চাকৰি