শিশু শ্ৰমিক ৰক্ষাৰ বাবে সজাগতা সমদল

শিশু শ্ৰমিক ৰক্ষাৰ বাবে সজাগতা সমদল
Published on

বিশ্ব শিশু শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে ডিব্ৰুগড়ত শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে এখন সজাগতামূলক চাইকেল সমদল উলিয়ায়। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু উপায়ুক্ত লায়া মাদুৰিয়ে শুভাৰম্ভ কৰা সমদলতো চৌকিডিঙ ফিল্ডৰ পৰা আৰম্ভ কৰি আমোলাপট্টি হৈ ফুলবাগানলৈ যায়। সমদলত যোগদান কৰা ব্যক্তিসকলৰ লগত উপায়ুক্তই বাৰ্তালাপ কৰাৰ লগতে কয় যে শিশু শ্ৰম বন্ধ কৰিবলৈ গাঁৱে গাঁৱে সজাগতা তথ্য পঠাব লাগিব। ডিব্ৰুগড়ক এখন শিশু শ্ৰমিক মুক্ত জিলা হিচাপে গড়ি তুলিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com