Begin typing your search above and press return to search.

শিশু সাহিত্যিক-সুলেখিকা কাৰুণ্য ভট্টাচাৰ্যলৈ 'ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী' ৰ সন্মান

শিশু সাহিত্যিক-সুলেখিকা কাৰুণ্য ভট্টাচাৰ্যলৈ ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী ৰ সন্মান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2018 7:35 AM GMT

প্ৰায় আঢ়ৈ দশকৰো অধিক কাল শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত হৈ জ্ঞানৰ বন্তিৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাট আলোকিত কৰাৰ প্ৰচেষ্টাy ত নিমজ্জিত হৈ থকা শিশু সাহিত্যিক, সুলেখিকা তথা নগাঁৱৰ ঐতিহ্যমণ্ডিত হাতীচোং তিলক ডেকা স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী কাৰুণ্য ভট্টাচাৰ্য ই ২০১৮ বৰ্ষৰ 'ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী'ৰ বটা লাভ কৰি সমগ্ৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে।

কালি শিক্ষক দিৱসৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত ৫৭ সংখ্যক শিক্ষক দিৱস কাৰ্যসূচীত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিভাগীয় শীৰ্ষ বিষয়া আৰু বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত ভট্টাচাৰ্য ক আনুষ্ঠানিকভাৱে বঁটাটি প্ৰদান কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই বঁটাটিত আছে এখন গামোচা,মানপত্ৰ, শৰাই আৰু নগদ ৫ হাজাৰ টকা।

পূৰ্বতে নগাঁও সাহিত্য সভাৰ 'সাধনা বটা' আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ 'শ্ৰেষ্ঠ নিবন্ধকাৰ বঁটা' ৰে বিভূষিত ভট্টাচাৰ্যই 'ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী'ৰ সন্মান লাভ কৰাত উৎফুল্লিত হৈ পৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছে হাতীচোং তিলক ডেকা স্মৃতি মধ্য ইংৰাজী বিদ্যালয় ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰী, হাতীচোংবাসী ৰাইজ তথা নগাঁৱৰ বিভিন্ন সাহিত্য, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান আৰু দল-সংগঠন সমূহে।

Next Story
চাকৰি