শিৱসাগৰত অভিজিত-নীলোৎপলৰ সোঁৱৰণত ভাওনা প্ৰদৰ্শন

শিৱসাগৰত অভিজিত-নীলোৎপলৰ সোঁৱৰণত ভাওনা প্ৰদৰ্শন
Published on

কাৰ্বিআংলংৰ ডকমকাত এজাক নৰপিশাচৰ বৰ্বৰ নৃশংস আক্ৰমনৰ বলি হোৱা শিল্পী নীলোৎপল দাস আৰু অভিজিত নাথৰ সোঁৱৰণত শনিবাৰে শিৱসাগৰত প্ৰদৰ্শিত হয় এখনি ভাওনা । ৰাজ্যৰ বহু শিল্পীৰ উপস্থিতিত প্ৰদৰ্শিত ভাওনা থলীতে ডকমকা কাণ্ডৰে জড়িত নৰপিশাচৰ কঠোৰ শাস্তিৰ দাবী জনালে বিভিন্নজনে ।

প্ৰকৃতিৰ মনোৰম বৈভৱ উপভোগ কৰিবলৈ গৈ কাৰ্বি আংলঙৰ ডকমকাত আধুনিক মানুহৰ বৰ্বৰতা, নৃশংসতাৰ বলি হ'ব লগা হৈছিল যুৱ শিল্পী নীলোতপল দাস আৰু অভিজিত নাথ । সমগ্ৰ দেশৰ লগতে বিদেশতো তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা ডকমকা কাণ্ডৰে জড়িত নৰপিশাচ কেইটাই আজিও পোৱা নাই উপযুক্ত শাস্তি | মানুহৰ নামত কলংক নৰপিশাচ কেইটাৰ চৰম শাস্তি বিচাৰিছে বিভিন্নজনে ।

শনিবাৰে শিৱসাগৰত শুভ উদ্বোধন কৰা হয় এটি সাংস্কৃতিক দল | সপ্তৰথী শিল্পী সমাজ, শিৱসাগৰ নামৰ দলটিয়ে উদ্বোধনী অনুষ্ঠানতে হত্যাৰ বলি হোৱা অভি-নীলৰ স্মৃতিত প্ৰদৰ্শন কৰে 'বিপ্ৰ দামোদৰ আখ্যান' ভাওনা ।অনুষ্ঠানত অংশ গ্ৰহণ কৰি এতিয়াও হত্যাকাৰীয়ে শাস্তি নোপোৱাত ক্ষোভ উজাৰে জনপ্ৰিয় গীতিকাৰ লাটুমণিয়ে ।একেদৰে বিষাদৰ সময় অতিবাহিত কৰা অভিজিত নাথৰ পৰিয়ালেও অনুষ্ঠানত ভাগ লৈ হত্যাকাৰীক অতিশীঘ্ৰে কঠোৰ শাস্তিৰ পোষকতা কৰে |ইয়াৰ পূৰ্বে সপ্তৰথী শিল্পী সমাজে ভাওনা প্ৰদৰ্শনৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজ্যৰ বহুকেইটা ভাওনা দল আৰু শিল্পী, কলা-কুশলীক ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com