
শিৱসাগৰৰ বহু কেইটা বাট-পথৰ লগতে শিৱসাগৰ নগৰৰ পৰা নাজিৰা-শিমলুগুৰি সংযোগী নাজিৰা পথৰ অৱস্থা অতি শোচনীয়।প্ৰায় ১৫ কিলোমিটাৰ এই পথত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতৰ পথৰ যাতায়ত দুৰ্বিসহ হৈ উঠাৰ লগতে দূৰ্ঘটনাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে।চৰকাৰৰ লগতে অ'এনজিচিয়ে দিন দিন ধৰি এই পথ মেৰামতি তথা পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে এক পথ অৱৰোধ কাৰ্যসূচী হাতত লয়।অ'এনজিচি কাৰ্যালয়ৰ সন্মুখত এই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি কৃষক মুক্তিয়ে যান-বাহনৰ চলাচল স্থৱিৰ কৰি দিয়ে।এই পথ পুনৰ নিৰ্মাণ কৰাৰ দাবীত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি জিলা প্ৰশাসনক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।