শিৱসাগৰত গাঁও বুঢ়া ভৱন মুকলি

শিৱসাগৰত গাঁও বুঢ়া ভৱন মুকলি
Published on

যোৰহাটৰ লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আনুষ্ঠানিক ভাৱে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উদ্ধোধন কৰে গাঁও বুঢ়া ভৱন ।উদ্ধোধনৰ সময়ত লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মত প্ৰকাশ কৰি কয় যে এখন সমাজৰ উন্নয়নশীল আৰু শান্তিময় সমাজ গঠনৰ বাবে গাঁওবুঢ় সকলৰ ভূমিকা উল্লেখনীয়, তেওঁলোকে এই কাম খিনি পৰিচালনা কৰিবলৈ যাওতে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হয় ।শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত এন এ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্ধোধনী সভাখনত শিৱসাগৰ পৌৰসভাৰ পৌৰপতি এম সিংহ উপস্থিত থাকি তেওঁৰ বহুমুলীয়া ভাষন প্ৰদান কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com