Begin typing your search above and press return to search.

শিৱসাগৰত গ্ৰন্থ মেলা আয়োজন

শিৱসাগৰত গ্ৰন্থ মেলা আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2018 8:23 AM GMT

'খোজ' এটি সামাজিক সংগঠন ,শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ড° ময়দুল ইছলাম বড়া ক্ষেত্ৰত নৱেম্বৰৰ ৩ তাৰিখৰ পৰা পঞ্চম সংখ্যক গ্ৰন্থ মেলা আয়োজন কৰা হ'ব । গ্ৰন্থ মেলা খনৰ শুভদ্ধোধনী কৰিব লেখক-উপন্যাসিক ফনীদ্ৰ কুমাৰ দেৱচৌধুৰীয়ে আৰু আশা কৰা হৈছে ৰাজ্যিক শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকিব। সাংসদ কামাখ্যা প্ৰসাদ তাছা,শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, এচডি মাস্কে,ইডি,অএনজিচি, আছুৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈ আৰু আব্দুল জেলিল,আইএছ,শিৱসাগৰৰ উপস্থিত থাকিব ।

মেলা খনৰ প্ৰায় ৬০খন মান কিতাপ প্ৰকাশ কৰাৰ লগতে বিভিন্ন ঠাইত বিক্ৰী কৰা হ'ব । আয়োজকে মত প্ৰকাশ কৰা অনুসৰি,বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু সাহিত্যিক অনুষ্ঠানৰ লগতে কিতাপ প্ৰকাশ আৰু বিভিন্ন বিষয়ে ওপৰত চেমিনাৰৰ আয়োজন কৰা হ'ব ।

ইয়াৰোপৰি শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ নামৰ কুইজ প্ৰতিযোগিতা আয়োজন কৰা হ'ব আৰু এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব,তৰ্ক প্ৰতিযোগিতা খনৰ বিষয়টি হৈছে "There is no alternative to Gunotsav for bringing total change in the standards of government schools' ।

Next Story
চাকৰি