Begin typing your search above and press return to search.

শিৱসাগৰত চাৰিজনীয়া ডকাইটৰ দলক আটক

শিৱসাগৰত চাৰিজনীয়া ডকাইটৰ দলক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2018 6:24 AM GMT

যোৱা শনিবাৰে সন্ধিয়া শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ৰুদ্ৰসাগৰ শিৱ দৌলত এক ডকাইটি কাৰ্য্য সংঘটিত হয়।জানিব পোৱা তথ্য মতে,চৰাইদেও জিলাৰ সোনাৰি দিশৰ পৰা আহি থকা এহাল দম্পত্তীয়ে গাড়ী লৈ শিৱসাগৰৰ ৰংঘৰ,তলাতল ঘৰ আৰু লগতে ৰুদ্ৰসাগৰৰ শিৱ দৌল দৰ্শন কৰিবলৈ আহে আৰু ঠিক সেই সময়তে ৬জনীয়া এটা দুৰ্বৃত্ত দলে দম্পত্তী হালক ডকাইটিৰ চেষ্টা চলায়।ডকাইটিৰ চেষ্টা চলাওতে তেওঁলোকে চিঞৰ-বাখৰ কৰে আৰু স্থানীয় লোক আহি ডকাইটৰ দলটোক আটক কৰে যদিও দুজন পলাবলৈ সক্ষম হয়।

স্থানীয় লোক সকলে শিৱসাগৰ আৰক্ষীক খবৰ দিয় আৰু আৰক্ষীয়ে ডকাইট কেইজনক আটক কৰে।আৰক্ষীৰ তথ্যানুসৰি,চিনাক্ত কৰা দলটোৰ সদস্য সকল ক্ৰমে, শিৱসাগৰৰ বাবুপট্টিৰ গিয়াছদ্দুিন আহমেদ আলিয়াছ চাহিল(৩৮),জয়সাগৰৰ মৃদুপৱন বৰুৱা(২৭),দৰিকাপাৰাৰ দেৱজিত গগৈ(৩২),ধুলিয়াপাৰাৰ নৌজান আৰু প্ৰিতুৰাজ গগৈ(২৯)।আটাইকেইজনকে শিৱসাগৰ আৰক্ষী থানাত (ইউ/এছ-১২০(বি)/৩৪১/৩৫৪/৩২৩/৩৮৪/৫০৬ আইপিচি)ত ঘটনা পঞ্জীয়ন কৰা হয়।ইয়াৰ উপৰিও ডকাইটিৰ সময়ত ব্যৱহাৰ কৰা উচ্চ মুল্যৰ এখন গাড়ীও উদ্ধাৰ কৰে দলটোৰ পৰা আৰু আৰক্ষীৰ চকুত ধূলি দিবলৈ গাড়ী খনত 'প্ৰেছ' বুলি লিখা আছিল।

Next Story
চাকৰি