শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
Published on

শিৱসাগৰ আৰু চৰাইদেও আৰক্ষীৰ যুটীয়া অভিযানত সোনাৰি নামতোলা আৰু বকটা শিমলুগুৰি এলেকাৰ পৰা চাৰি জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা লোক কেইজন ক্ৰমে দূৰ্গা চেত্ৰী,চুফিয়া বেগম,বিজয় লামা আৰু পৰাশমনি লাহন । জানিব পৰা তথ্যানুসৰি,আৰক্ষীয়ে ৩০ গ্ৰান ব্ৰাউন চুগাৰ,৪০০ গ্ৰাম অপিয়াম,চাৰিটা ড্ৰাগছ ইনজেক্টচন আৰু অন্যান্য নিচাজাতীয় দ্ৰব্যৰ লগতে নগধ ধন উদ্ধাৰ কৰা হৈছে । আটক কৰা আটাইকেইজন লোকক সোনাৰি সদৰ আৰক্ষী থানাত সোধ-পোছৰ বাবে জেৰা কৰা হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com