Begin typing your search above and press return to search.
শিৱসাগৰত দুটাকৈ মৃতদেহ উদ্ধাৰ

যোৱা বৃগস্পতিবাৰে,শিৱসাগৰ স্থানীয় আৰক্ষীয়ে দুটাকৈ মৃতদেহ উদ্ধাৰ কৰে।বৃহস্পতিবাৰে পুৱা ভাগত ভেজো-শিমলুগুৰিৰ ৰেলৱে লাইনত কৃষ্ণা চাহানী(৩৫)ৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে।জানিব পৰা মতে,কৃষ্ণাই বুধবাৰে নিশা আৱাধ-এক্সপ্ৰেছৰ আগেৰে দৌৰি পাৰ হ'ব লওতে ৰেলৰ খুন্দাত থিতাতে নিহত হয়।
আনটো ঘটনা হৈছে,মন্তু বৰুৱা(৪৪) ব্যক্তি এজনৰ মৃতদেহ উদ্ধাৰ কৰে চেপনৰ স্থানীয় লোকে চেপন ৰোডত।পিছত চেপন আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।জানিব পৰা মতে,মন্তু বৰুৱাৰ মৃগী ৰোগৰ ৰোগী আৰু হঠাৎতে বুধবাৰে সন্ধিয়া চেপন ৰোডৰ সমীপত অচেতন হৈ পৰি যায়।হাস্পতালত ভৰ্ত্তি কৰোৱা পূৰ্ৱেই মন্তু বৰুৱাৰ মৃত্যু হয়।
Next Story