Begin typing your search above and press return to search.

শিৱসাগৰত ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

শিৱসাগৰত ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2018 12:01 PM GMT

ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পাই আহিছে হত্যা,ধৰ্ষণ আদিৰ দৰে অপৰাধ মূলক ঘটনা।এইবাৰ এনে এক জঘণ্য ঘটনাৰ বাবে শিৱসাগৰ জিলাৰ লাখোৱা নাহৰহাবি চাহ বাগিছাৰ অন্তৰ্গত লখিমীপাম গাঁওৰ দাদু হুছেইন(১৯) নামৰ এজন যুবকক লাখোৱা আৰক্ষীয়ে বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দাদু হুছেইনে চাহ বাগিছাখনত কাম কৰা বয়ষ্ক শ্ৰমিক থোডিয়াচ ভাগী নামৰ এজন লোকক ৪ ডিচেম্বৰৰ নিশা বৰ্বৰ ভাবে হত্যা কৰি শ্ৰমিক জনৰ নাবালক জীয়েকক ধৰ্ষণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।অভিযুক্ত দাদুয়ে ৰঙৰ কাম কৰে আৰু হত্যা কৰা শ্ৰমিকজনৰ একেখন গাঁওতে বসবাস কৰে।আৰক্ষীয়ে দাদুকে এই জঘন্য হত্যাকাণ্ড আৰু ধৰ্ষণ কাণ্ডত জড়িত থকা বুলি সন্দেহ কৰিছে। পৰবৰ্তী অনুসন্ধানৰ কাম চলি আছে।গাঁওখনত সংঘটিত এই ভয়ানক ঘটনাটোৱে সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি