শিৱসাগৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশন

শিৱসাগৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশন

শিৱসাগৰ জিলাৰ ১৫৩০ বেতন বঞ্চিত শিক্ষকে আজিৰে পৰা জিলা উপায়ুক্ত কাৰ্যালয় সমুখত আমৰণ অনশনত কাৰ্যসূচী গ্ৰহণ কৰিছে ।উল্লেখযোগ্য যে বিগত ৬ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই সকল শিক্ষক।

যোৱা ২৬ জুলাইত বেতন বঞ্চিত জিলা খনৰ শিক্ষক সমাজে সমূহীয় আত্মজাহৰ সিদ্ধান্ত লৈছিল।কিন্তু জিলা প্ৰশাসনে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ সৈতে এটা সপ্তাহৰ ভিতৰত আলোচনাৰ প্ৰস্তাৱ দিয়াত শিক্ষক সমাজে সাময়িক ভাৱে আত্মজাহ কাৰ্যসূচী বাতিল কৰিছিল।কিন্তু নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰাৰ পাছতো শিক্ষক সকলৰ সৈতে চৰকাৰে কোনো আলোচনাৰ ব্যৱস্থা নকৰিলে।

মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ সৈতে আলোচনা কৰি সমস্যা সমাধানৰ বাস্তৱত ৰূপায়িত নকৰা বাবে আজিৰে পৰা শিক্ষক সমাজে বহিছে আমৰণ অনশনত।আমৰণ অনশন কাৰ্যসূচীৰ জৰিয়তে বেতন বঞ্চিত শিক্ষক সমাজে বেতন মুকলি কৰি চাকৰি নিয়মীয়া কৰণৰ দাবী উত্থাপন কৰে।আমৰণ অনশন কাৰ্যসূচীৰ পূৰ্বে আজি বেতন বঞ্চিত শিক্ষক সকলে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ শুভবুদ্ধি উদয় হোৱাৰ কামনা কৰি শিক্ষক সকলে শিৱদৌলত বন্তি প্ৰজ্বলন কৰাৰ লগতে অনশন স্থলীত গীতা পাঠ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com