Begin typing your search above and press return to search.
শিৱসাগৰত ভুৱা সাংবাদিকক গ্ৰেপ্তাৰ

যোৱা বুধবাৰে শিৱসাগৰৰ দেওপানী চাহ বাগানৰ ওচৰৰ পৰা গেলেকী আৰক্ষীয়ে সন্দেহকাৰী অপৰাধী আৰু ভুৱা সাংবাদিক এগৰাকীক আটক কৰে । কোনো গোপন তথ্যানুসৰি,আৰক্ষীয়ে সেই অপৰাধী দলটোৰ বিৰুদ্ধে এক অভিযান চলায় আৰু জানিব পোৱা মতে,কোনো ব্যৱসায়ী আৰু গাঁওবাসীক ভুৱা বাতৰি প্ৰকাশ কৰিম বুকি কৈ টকা- পইচা দাবী কৰে ।
অভিযানৰ জৰিয়তে আৰক্ষীয়ে যদুুমনি গগৈ(৩৪) নামৰ অপৰাধী হাতে লোটে আটক কৰে । আৰু ধৃত লোক জনৰ পৰা নগধ টকা,জাৰ্মান কেমেৰা,দুটাকৈ ম'বাইল ফন,কোনো সংবাদ মাধ্যমৰ তিনিখনকৈ ভুৱা প্ৰমান পত্ৰ আৰু তেওঁলোকৰ বৃত্তি উপলক্ষে ব্যৱহাৰ কৰা এএচ-০৪-এম-০১৪৬ নম্বৰৰ মাৰুতি ভেন এখন উদ্ধাৰ কৰে ।লগতে অপৰাধী দলটোৰ লগত জড়িত দুগৰাকী মহিলা পলাবলৈ সক্ষম হয় ।
Next Story