শিৱসাগৰ আৰক্ষীয়ে যোৱা দেওবাৰে জয়সাগৰ আৰু বুৰঞ্জী প্ৰসিদ্ধ চহৰ খনৰ ভিন্ন এলেকাৰ পৰা কেইজনমান কুখ্যাত আৰু অপহৰনকাৰীক গ্ৰেপ্তাৰ কৰে । শিৱসাগৰ সদৰ আৰক্ষীৰ সহায়ত জয়সাগৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কিছুমান ঠাইত অভিযান চলাই জেগুনকটীয়াৰ মুন আলী(৪১) আৰু ৰংঘৰ চাৰিআলিৰ পৰা বিভূ ভূঞা(৩৫) নামৰ ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰে । আনহাতে, আৰক্ষী দলটোৱে ১৯ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ থকা মাফিজ আলী(৪৩) নামৰ স্থানীয় ব্যৱসায়ী এজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Begin typing your search above and press return to search.