Begin typing your search above and press return to search.

শিৱসাগৰৰ অসম নগালেণ্ড সীমান্তৰ হালোৱাটিংত অৰ্থনৈতিক অৱৰোধ

শিৱসাগৰৰ অসম নগালেণ্ড সীমান্তৰ হালোৱাটিংত অৰ্থনৈতিক অৱৰোধ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:10 AM GMT

এইবাৰ নগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছে আমগুৰিৰ ১২ টাকৈ জাতীয় দল সংগঠনে।হালোৱাটিঙৰ আমগুৰি চাহ বাগিচা সমীপৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক পথ অৱৰোধ।নগাৰ অবৈধ আগ্ৰাসন বন্ধ কৰা, হালোৱাটিঙৰ সীমান্ত অঞ্চলত অসম চৰকাৰৰ দ্বাৰা অনুমোদিত সীমান্ত পহৰা চকীখন পূৰ্ব নিদ্ধাৰিত স্থানত শীঘ্ৰে স্থাপন কৰা, আমগুৰি সমষ্টিৰ অন্তৰ্গত হালোৱাটিংস্থিত নগালেণ্ড চেকগেটখন অতি শীঘ্ৰে নগালেণ্ডৰ ভৌগোলিক পৰিসীমালৈ স্থানান্তৰ কৰা , অসমৰ মাটিত থকা নগালেণ্ড চেকগেট উচ্ছেদ কৰা দাবী , সীমান্তবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ।

আটাছু, আহোম সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, আটছা, কৃষক মুক্তি সংগ্ৰাম সমিতি ,টাইপা, এজেৱাইচিপি , সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,আহোম জাতীয় গণ মঞ্চআদি দল সংগঠনৰ প্ৰতিবাদ।নগা গ' বেক, আমাৰ মাটি-আমাৰ দাবী, শ্ল'গানেৰে উত্তাল হালোৱাটিং। ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।

Next Story
চাকৰি