শিৱসাগৰৰ কোৱঁৰপুৰ এলেকাত ৪-লেন সংযোগী পথৰ দাবী

শিৱসাগৰৰ কোৱঁৰপুৰ এলেকাত ৪-লেন সংযোগী পথৰ দাবী
Published on

শিৱসাগৰৰ কোঁৰপুৰত জিপি এলেকাৰ সমীপত ন-কাটনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে সমাজসেৱক আৰু বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ খগেন বৰবড়াই।সভা খনত কোৱঁপুৰৰ আঞ্চলিক সংগঠন আছু,এজেৱাইচিপি,বিএৱাইএম,আটাছু আৰু টিএৱাইপিএৰ সদস্য সকল আৰু ১০০জন গাৱঁৰ স্থানীয় লোকে অংশগ্ৰহন কৰে।

সভাখনৰ মুল উদ্দেশ্য আছিল,উত্তৰ-দক্ষিন শিৱসাগৰৰ লগতে দিচাংমুখ,পানবেচা,কোৱঁৰপুৰ,শান্তিপুৰ,আখৈফূটীয়া,জাগ্ৰাহাবি আৰু শৰাগুৰি চাপৰি অঞ্চলৰ অন্তৰ্গত সকলো দিশৰ পৰা বিকাশ সাধন কৰা।ইয়াৰ উপৰিও স্থানীয় লোক সকলে হাৰমতীগড় আৰু গৌৰীসাগৰ সংযোগী পথৰ ৪-লেন যুক্ত পথ নিৰ্মান কৰাৰ লগতে ন-কাটনি গাৱঁৰ সমীপৰ দিখৌ নদীত এখন দলং নিৰ্মানৰ বাবে দাবী উত্থাপিত কৰে।দিখৌ নৈৰ ওপৰথ দলং নিৰ্মান হ'লে গাৱঁৰ স্থানীয় লোক সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বহু সময় ৰাহি তথা সুবিধা হ'ব বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com