Begin typing your search above and press return to search.

শিৱসাগৰৰ জিলা উপায়ুক্তই ডিচাংমুখৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিদৰ্শন কৰে

শিৱসাগৰৰ জিলা উপায়ুক্তই ডিচাংমুখৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিদৰ্শন কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2018 10:06 AM GMT

শিৱসাগৰৰ জিলা উপায়ুক্ত জ্যেষ্ঠ পিজি ঝায়ে যোৱা শুক্ৰবাৰে দিচাংমুখৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমগ্ৰ স্বাস্থ্যজনিত সেৱাৰ পৰিদৰ্শন কৰে।উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰী সকলৰ সৈতে কথা বতৰা পতাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা ভিন্ন সমস্যা সমূহৰ বিষয়ে আলোচনা কৰে।ইয়াৰ উপৰিও তেওঁ খোৱা পানীৰ ব্যৱস্থা,ৰান্ধনি ঘৰ আৰু ৰোগীৰ কোঠা সমূহো নিৰীক্ষন কৰে।স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰী সকলে সন্মুখীন হোৱা সমস্যা সমূহৰ সমাধানৰ বাবে উপায়ুক্ত গৰাকীয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।আনহাতে,দুখীয়া ৰোগী সকলৰ বাবে বিনামুলীয়া এম্বুলেঞ্চ সেৱা প্ৰদান কৰিব।

উপায়ুক্ত গৰাকীয়ে ডিচাংমুখৰ আজেৰগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰো ভিন্ন সমস্যা সমূহ নিৰীক্ষন কৰে।পৰিদৰ্শনৰ সময়ত জিলা উপায়ুক্তৰ সৈতে শিৱসাগৰৰ স্বাস্থ্য কেন্দ্ৰৰ জইণ্ট সঞ্চালকৰ ডাক্তৰ আৰ বৰপূজাৰী,শিৱসাগৰৰ ডিডিচি অভিজিত বৰুৱাই অংশগ্ৰহন কৰে।

Next Story
চাকৰি