শিৱসাগৰৰ নৱোদয় বিদ্যালয়ৰ চাৰিগৰাকী শিক্ষকক গ্ৰেপ্তাৰ

যোৱা মঙলবাৰে শিৱসাগৰ আৰক্ষীয়ে নৱোদয় বিদ্যালয়ৰ চাৰিগৰাকীকৈ শিক্ষকক গ্ৰেপ্তাৰ কৰে । শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত কেন্দ্ৰীয় নৱোদয় বিদ্যালয়ত ২০১৮-১৯ বৰ্ষৰ প্ৰৱেশিলা পৰীক্ষাৰ সময়ত বিভিন্ন বিসংগতিৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলেও বহু সমস্যাৰ সন্মুখীন হয় । জানিব পৰা মতে,কম শতাংশ লাভ কৰা ছাত্ৰ এজনেও নামভৰ্ত্তি কৰে আৰু এই বিষয়ৰ ওপৰত অভিভাৱক সকলে শিৱসাগৰ জিলা প্ৰশাসনৰ লগে জিলা খনৰ শিক্ষা বিভাগৰ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে ।
শেষত এক সৰু তদন্তৰ পিছতে জানিব পাৰি যে উপযুক্ত প্ৰমান পত্ৰ নথকাৰ পিছতো কিছু ছাত্ৰ-ছাত্ৰীয়স নাম ভৰ্ত্তিৰ সুবিধা লাভ কৰে আৰু এই সমগ্ৰ ঘটনাৰ লগত কেই গৰাকী মান শিক্ষক জড়িত হৈ থকা কথা নিশ্চিত হৈ পৰে ।ঘটনাৰ লগত জড়িত যুগল দুলাকাষৰীয়ান(সাপেখাতী), ললিত বৰুৱা(ৰহান সোণাৰি), দম্বৰু গগৈ(উজনি মাজগাঁও), আৰু শান্তনু কলিতা(শিমলুগুৰি) শিক্ষক কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ইয়াৰ উপৰিও এই ঘটনাৰ লগত জড়িত নাজিৰা টাউনৰ জুলি বৰুৱা নামৰ মহিলা গৰাকীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।