Begin typing your search above and press return to search.
শিৱসাগৰৰ মাজমজিয়াত চোৰে চলালে চাফাই অভিযান

শিৱসাগৰ নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চুৰিকাণ্ড ৷ চহৰৰ দ'লমুখ চাৰিআলিস্থিত প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান সূৰ্য ডিজিটেলত কালি নিশা সংঘটিত এই চুৰিকাণ্ড ৷ কেইবাটাও কেমেৰাৰ লগতে বহু মূল্যবান সামগ্ৰী লুট কৰি নিয়ে চোৰে ৷ প্ৰতিষ্ঠানখনত চি চি কেমেৰা সংযোজিত আছিল যদিও চিচি কেমেৰাৰ চাৰ্ভাৰকে দাঙি নিয়ে চোৰৰ দলটোৱে ৷ প্ৰতিষ্ঠানখনৰ মূল প্ৰবেশ দ্বাৰৰ চাটাৰ ভাঙি চুৰিকাৰ্য সংঘটিত কৰিছিল চোৰে ৷ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ ১৭ লক্ষাধিক টকাৰ সা-সামগ্ৰী লুট কৰি নিয়া বুলি জানিব পৰা গৈছে ৷
Next Story