শিৱসাগৰ জিলাত 'টয়' বেংক মুকলি

শিৱসাগৰ জিলাত 'টয়' বেংক মুকলি
Published on

শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা শিশু সুৰক্ষা আৰু কল্যান কমিটিৰ সহযোগত গ্ৰহন কৰা হৈছে হৈছে এক ব্যতিক্ৰমী পদক্ষেপ । যোৱা সোমবাৰে শিৱসাগৰ যুৱদলত অনুষ্ঠিত হোৱা সভা এখনত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় 'টয়' বেংক । অতিৰিক্ত উপায়ুক্ত আৰু ডি চি পি ডব্লিউ চিৰ সদস্য পিজে শৰ্মাই সভা খনত উপস্থিত থাকি মত প্ৰকাশ কৰে যে; সুন্দৰ পৰিৱেশত খেলা-ধুলা কৰা,ভালকৈ জীৱন অতিবাহিত কৰা সকলো ল'ৰা-ছোৱালীৰে অধিকাৰ আছে সেয়ে শিৱসাগৰ প্ৰশাসন ব্যৱস্থাই সকলো শ্ৰেনীৰ ল'ৰা-ছোৱালী বাবে বিনামুলীয়াকৈ খেলা-ধুলা কৰিব পৰাকৈ বিভিন্ন খেলনা বস্তু,পুতলা আদি থকা দোকান তথা ষ্টৰ খোলা হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com