Begin typing your search above and press return to search.

শিৱৰাজ সিং চৌহানৰ পদত্যাগ: মধ্যপ্ৰদেশত কংগ্ৰেছৰ দুজন প্ৰাৰ্থীৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে যুঁজ

শিৱৰাজ সিং চৌহানৰ পদত্যাগ: মধ্যপ্ৰদেশত কংগ্ৰেছৰ দুজন প্ৰাৰ্থীৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে যুঁজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Dec 2018 9:32 AM GMT

অৱশেষত মধ্যপ্ৰদেশৰ নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷ সম্প্ৰতি কংগ্ৰেছৰ কমল নাথ মুখ্যমন্ত্ৰী হোৱাৰ পথত ৷ অন্যহাতে, ২৩০ খন আসনৰ ভিতৰত ১১৪ খন পোৱা কংগ্ৰেছক সমৰ্থন জনাব মায়াৱতীৰ বিএছপি দলে ৷ ইফালে বুধবাৰে সাংবাদিকৰ সন্মুখত শিৱৰাজ সিং চৌহানে মুক্ত হোৱাৰ কথা উল্লেখ কৰে ৷

লগতে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বুলি ৰাজভৱনলৈ ৰাওনা হয়৷ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰি নিৰ্বাচনত পৰাজয়ৰ কাৰণ নিজেই বুলি কোৱাৰ লগতে দলটোৰ নেতাকৰ্মীসকলৰ পৰিশ্ৰমৰ শলাগ লয়। অন্যহাতে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এগজিট প’লৰ এক সমীক্ষাত বিজেপী ধৰাসায়ী হোৱাৰ কথা উত্থাপন হওতে শিৱৰাজ সিং চৌহানৰ এক ভাষ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছিল ৷ চৌহানে মন্তব্য কৰিছিল যে, মই জনসাধাৰণৰ ভালকৈ জানো ৷ তেওঁলোকৰ প্ৰত্যেকটো শিৰা উপশিৰাৰ মই জানো লগতে কয় যে মই মধ্যপ্ৰদেশ ভ্ৰমণ কৰিছোঁ ৷

আমাক মধ্যপ্ৰদেশৰ জনসাধাৰণে ভাল পায় আৰু এইবাৰ আমি চৰকাৰ গঠন কৰিম ৷ এই মন্তব্যৰ পিছত শিৱৰাজ সিং চৌহান চৰকাৰৰ ধৰাসায়ী অৱস্থা যথেষ্ট লক্ষ্যনীয় ৷ ইফালে, মংগলবাৰে সমগ্ৰ দিনটোত প্ৰত্যেক দলৰ নিৰ্বাচনী সম্পৰ্কীয় সন্মান ৰক্ষাৰ যুঁজ চলাৰ পিছত বুধবাৰে পুৱা, কংগ্ৰেছৰ ১১৪ খন আসনক লৈ এক বৃহৎ দল হিচাপে ঘোষণা কৰিলে নিৰ্বাচন আয়োগে৷ লগে লগে মায়াৱতী আৰু অখিলেশ যাদৱে কংগ্ৰেছক সমৰ্থন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াই ৷

ইফালে,মধ্যপ্ৰদেশত শিৱৰাজ সিঙৰ পদত্যাগৰ পিছত ৰাজ্যপালে কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ সন্মতি প্ৰদান কৰে ৷ উল্লেখ্য যে, সম্প্ৰতি মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে আছে কংগ্ৰেছ দলৰ জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কমল নাথ ৷ সম্প্ৰতি,মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ প্ৰাৰ্থী কোন হ’ব সেয়াহে হ’ব লক্ষ্যনীয় অনাগত দিনত ৷

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি