শীতকালটো এখন সুন্দৰ সতেজ ছালৰ অধিকাৰী হ’বলৈ হ’লে কি কৰিব আপুনি? জানিবলৈ পঢ়ক

শীতকাল অহাৰ লগে লগে আমাৰ সকলোৰে এটা প্ৰধান সমস্যা হৈছে ৰুক্ষতা অৰ্থাৎ শুকান শুকান ভাৱ ৷ এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তথা আমাৰ ছালখন সতেজ কৰি ৰাখিবলৈ আমি কিছুমান বিশেষ ঘৰুৱা উপদানৰ জৰিয়তে আমি পাব পাৰোঁ সুন্দৰ সতেজ তথা মসৃন ছাল ৷ ছুপাৰ ষ্টাইলিষ্ট আলিম হেকিমে"যুৱক যুৱতীসকলৰ কাৰণে আগবঢ়াইছে কিছুমান বিশেষ সমাধান ৷
শীতকালত আমাৰ ছাল হৈ পৰে অত্যন্ত ৰুক্ষ৷ গতিকে আমাৰ ছালক হাইড্ৰেচন আৰু ময়শ্বৰাইজাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷ আমি সকলোয়ে জানো যে নাৰিকল তেল ছাল আৰু চুলিৰ কাৰণে অত্যন্ত উপযোগী ৷ গতিকে যিকোনো বডি লোচনৰ লগত অলপ নাৰিকল তেল মিহলাই যদি আপুনি আপোনাৰ ৰুক্ষ ছালক ভালকৈ মাচাজ কৰে তেন্তে আপুনি পাব পাৰে এখন কোমল,সতেজ ছাল ৷
অন্যহাতে শীত কালত আমিযে কেৱল ছাল খনকে সতেজ কৰি ৰাখিবলৈ যতন ল’ম তেনে নহয়৷ সমান্তৰালকৈ আমি আমাৰ চুলিৰো যতন ল’ব লাগিব ৷শীত কালত আমাৰ চুলিত উফিৰ সমস্যা দেখা যায়। গতিকে চুলিত তেল লগোৱাটো অত্যন্ত দৰকাৰী ৷চুলিত "হট অইল মাচাজ"কৰাটো অত্যন্ত উপযোগী ।
ছাল আৰু চুলিৰ সমান্তৰালকৈ ওঁঠৰ যতন লোৱাটোও সমানেই প্ৰয়োজনীয় । কাৰণ শীত কালত ওঁঠ ফটাৰ সমস্যাটো বাৰুকৈয়ে যুৱক যুৱতীসকলৰ মাজত দেখা যায় ৷ গতিকে অলপমান চেনীৰ লগত দুটোপালমান নাৰিকল তেল মিহলাই স্কাৱ কৰিলে সুফল পোৱা যায়। লগতে এই ছাল চুলি ওঁঠৰ ক্ষেত্ৰত উক্ত উপাদানসমূহ ব্যৱহাৰ কৰাৰ উপৰিও দিনটোত কমেও ২ -৩ লিটাৰ পানী সেৱন কৰাটো অত্যন্ত জৰুৰী ৷
অন্যহাতে,ভাল বেণ্ডৰ চেম্পু,ছালৰ প্ৰকৃতি অনুযায়ী ফেচ ৱাচ নিৰ্বাচন কৰিলেহে সুন্দৰ সতেজ এখন ছালৰ অধিকাৰী হ’ব পাৰি ৷ লগতে চৌপাশৰ প্ৰদূষণৰ পৰা ছাল আৰু চুলিখিনি নিৰাপদে ৰাখিব পৰাটোও কিন্তু সমান্তৰালকৈ প্ৰয়োজনীয় ।
অন্য খবৰৰ বাবে পঢ়ক : বিবিধ