Begin typing your search above and press return to search.

শেষ বাৰৰ বাবে পালন কৰিলে গনেশ চতুৰ্থী আৰকে ষ্টুডিঅ'ত

শেষ বাৰৰ বাবে পালন কৰিলে গনেশ চতুৰ্থী আৰকে ষ্টুডিঅত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2018 10:39 AM GMT

যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা গনেশ চতুৰ্থী উৎসৱ বি-টাউনৰ অভিনেতা ৰনবীৰ কাপুৰৰ পৰিয়ালৰ লোকে পালন কৰিলে গনেশ উৎসৱ।তেওঁলোকৰ আৰকে ষ্টুডিঅ'ত এই উৎসৱ ডাঙৰকৈ শেষ বাৰৰ বাবে পালন কৰা হয়।পূজাত ৰনধীৰ কাপুৰ আৰু ৰাজীৱ কাপুৰেও অংশ-গ্ৰহন কৰে।ৰাজ কাপুৰে প্ৰতিষ্ঠা কৰা ৭০বছৰীয়া পুৰনা এই ষ্টুডিঅ'টোত বিক্ৰী কৰিব বুলি জানিব পৰা গৈছে। শেহতীয়া বছৰটোত উলম-মালহৰে পালন কৰা গনেশ পূজা এই বৰ্ষত পূৰ্বৰ দৰে অতি ধুমধামেৰে পালন কৰা হোৱা নাই,যোৱা বছৰ মূৰ্ত্তিটোৰে পূজা সম্পন্ন কৰে কাপুৰ পৰিয়ালে।যোৱা বছৰত ষ্টুডিঅ' টোত অগ্নিকাণ্ড সংঘটিত হয় যাৰ ফলত বহু খিনি অংশ ধ্বংস হৈ যায়।

সংবাদ মাধ্যমৰ আগত ৰনধীৰ কাপুৰে ষ্টুডিঅ'টো বিক্ৰী কৰাৰ কথা প্ৰকাশ কৰোতে আৱেগিক হৈ পৰাৰ লগতে কয় যে শেষৰ বাৰৰ বাবে এই গনেশ চতুৰ্থী উৎসৱ পালন কৰা হ'ল ষ্টুডিঅ'ত।এই ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলেও অতি দুখ প্ৰকাশ কৰিছে আৰু কৈছে যে জুই লগাৰ ফলত প্ৰডাক্টচন হাউছটো একেবাৰে ব্যৱহাৰৰ উপযোগী নাছিল যাৰ বাবে তেওঁলোক ষ্টুডিঅ' বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।

পূজাৰ সময়ত কেৱল কাপুৰ পৰিয়ালে নহয় আৰকে ষ্টুডিঅ'ত কৰ্মৰত লোক সকলেও দুখ প্ৰকাশ কৰা বুলি জানিব পোৱা গৈছে।শেষ বাৰৰ বাবে এই ষ্টুডিঅ'ত পূজাভাগ আগবঢ়াই ষ্টুডিঅ'টোৰ মূহৰ্ত সমূহ তেওঁলোক মাজত সজীৱ কৰি ৰাখে লগতে পৰিয়ালটোৰ সদস্য সকলে পূজাত অংশ-গ্ৰহনৰ কৰা মূহৰ্ত সমূহো কেমেৰাৰে আৰদ্ধ কৰি ৰাখে।

Next Story
চাকৰি