শোচনীয় অৱস্থাত হাফলঙৰ পৰিবহন সেৱা

শোচনীয় অৱস্থাত হাফলঙৰ পৰিবহন সেৱা
Published on

হাফলঙৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অৱস্থা অতি শোচনীয় হোৱাৰ ফলত ডিমা হাচাওৰ পৰা সদৰলৈ যাবলৈ লোকসকল বহুত অসুবিধাৰ সন্মূখীত হবলগীয়া হৈছে।পৰিবহন নিগমৰ উচ্চস্তৰৰ বিষয়াসকলৰ লগতে সচেতন নাগৰিক সকলৰ বাবে এনে পৰিস্তিতিৰ হোৱা জানিব পৰা গৈছে।১৯৯৫ চনৰ পৰা দহ খন বাছ চলি আছিল,তেতিয়া পথ সমূহো অতি শোচনীয় আছিল।উচ্চ বিষয়াসকল দায়িত্বজ্ঞানহীনতাৰৰ বাবে এতিয়া দুখন বাছ বাচি ৰয়ছেগৈ।হাফলং পৰিবহন নিগমৰ অতিৰিক্ত অধীক্ষক দীপক ভূঞা কয় যে গুৱাহাটীৰ পৰা হাফলং আৰু ডিফুৰ পৰা হাফলংলৈ চলা বাছ সমূহ বহুত পুৰনি আৰু চৰকাৰে সেইখিনি সলনি কৰি নতুন বাছৰ ব্যৱস্থা কৰিব লাগে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com