শোণিতপুৰ পশ্চিম বন বিভাগৰ দলৰ এক বিশেষ অভিযানত বন বিভাগৰ সংমণ্ডল ৰঞ্জিত কোৱঁৰৰ নেতৃত্বত চলা অভিযানত যোৱা শুক্ৰবাৰে নিশা শোণিতপুৰ জিলাৰ শালনিবাৰী আউটপোষ্টৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৰৈমাৰী অঞ্চলৰ পৰা অবৈধ কাঠ কঢ়িয়াই নিয়া ট্ৰাক এখন জব্দ কৰে।
ডিএফঅ' কোৱঁৰৰ তথ্যানুসৰি ট্ৰাক খন অৰুণাচল প্ৰদেশ হৈ ভালুকপুং ঢ়েকিয়াজুলিলৈ আহি আছিল।ট্ৰাক ড্ৰাইভাৰ সুজিত খাউণ্ডে প্ৰয়োজনীয় নথি পত্ৰ দেখুওৱাব নোৱাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ইয়াৰ উপৰিও এএছ-০১-৫৭১৩ নম্বৰৰ পঞ্জীয়ন হৈ থকা ট্ৰাক খনৰ মালিক বাবুল নাথ নামৰ ব্যক্তি জনো এই সৰবৰাহ কাৰ্য্যত লিপ্ত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে।জব্দ কৰা কাঠ খিনিৰ মুল্য প্ৰায় ৬ লাখ মান হ'ব বুলি কোৱঁৰে মত সদৰী কৰে।