Begin typing your search above and press return to search.

শোণিতপুৰত কৃষক মুক্ত সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

শোণিতপুৰত কৃষক মুক্ত সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Aug 2018 11:07 AM GMT

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শোণিতপুৰত উত্তৰপূৰ্বাঞ্চলত বৃহৎ নদীবান্ধ নিৰ্মানৰ বিৰুদ্ধে আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।। ২০১৪চনত বিজেপিৰ সভাপতি ৰাজনাথ সিঙে গোগামুখলৈ গৈ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবী জনাইছিল ,নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিছিল যদিও দুৰ্ভাগ্যজনক কথা ক্ষমতালৈ অহাৰ পাছত বিজেপি দল আৰু চৰকাৰে বৃহৎ নদীবান্ধৰ সমৰ্থনতহে বক্তব্য দাঙি ধৰিছে । গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ, লগতে কেইবাটাও দল সংগঠন একত্ৰিত হৈ বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰাৰ দাবীত এনেদৰেই অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী হাতত লয় ।লগতে অসমৰ বানপানী-গৰাখহনীয়া সমস্যাৰ স্থায়ী ব্যৱস্থাপনা কৰাৰ লগতে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে ।

Next Story
চাকৰি