Begin typing your search above and press return to search.

শোণিতপুৰত বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে বালিপাৰা ছাত্ৰসন্থাৰ স্মাৰক পত্ৰ প্ৰদান

শোণিতপুৰত বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে বালিপাৰা ছাত্ৰসন্থাৰ স্মাৰক পত্ৰ প্ৰদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Nov 2018 1:25 PM GMT

শোণিতপূৰ জিলাৰ অন্তৰ্গত চাৰিদুৱাৰস্থিত দেওহাহ,শিলঘৰীয়া মাছ,বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতি জীৱ জন্তুৰ লগতে ব্যাঘ্ৰ প্ৰকল্প ৰূপে বিশ্ব বিখ্যাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ লগতে দাতিকাষৰীয়া বনাঞ্চলসমূহত ক্ৰমাণ্বয়ে ধ্বংসহৰ গৰাহলৈ অৱনমিত হৈছে ৷ এই অভিযোগ বালিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

বৰ্তমান সময়ত গছ গছনি বৃদ্ধিৰ পৰিমাণ আৰু সংৰক্ষণৰ গতিৰ স্থবিৰ হোৱাৰ ওপৰিও জীৱ জন্তুৰ খাদ্যৰ সমস্যাই দেখা দিছে ৷ উল্লেখ্য যে,উদ্যানখনৰ দাঁতিকাষৰীয়া চেঙেলীমৰা বনাঞ্চলখনো বৰ্তমান অৰ্ধলুপ্তপ্ৰায় গতিত ধাৱমান ৷ একাংশ বনবিভাগৰ বিষয়া কৰ্মচাৰী,অদূৰদৰ্শীতা আৰু একাংশ ৰাজনৈতিক দালালৰ ছত্ৰ ছায়াৰ আলমত বনাঞ্চলখনত এচাম দুষ্ট চক্ৰই চলাই আছে ধ্বংস লীলা ৷

আজি,বালিপাৰা আঞ্চলিক ছাত্ৰ সন্থাই এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰতো,উত্তৰ অসম বন সংমণ্ডলৰ কাৰ্যালয়ত এক স্মাৰক পত্ৰ প্ৰদান কৰা কথা জানিবলৈ দিয়ে বালিপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে অসম সেনাৰ শোনিত পুৰ অসম সেনাৰ জিলা সংগঠক ৰাজনীশ শইকীয়াই ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি