শোণিতপুৰত সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস

নামৰূপত জন্মলাভ কৰা সদৌ অসম কবি সন্মিলনে ইতিমধ্যে ৩১টা বৰ্ষ অতিক্ৰম কৰিছে । আজি তেজপুৰৰ ঐতিহাসিক জ্যোতি-ভাৰতীত সদৌ অসম কবি সন্মিলনৰ দ্বাত্ৰিংশতিতম্ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু শাখাসমূহৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদ্যাপন কৰা হৈছে । সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই সন্মিলনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডাঃ হৰেণ শইকীয়াই ।
১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা 'কবিতাৰ সমাহাৰ' শীৰ্ষক কাব্যপাঠৰ অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট কবি দিলীপ ফুকনে আৰু সঞ্চালনা কৰেৱডাঃ হৰেণ শইকীয়াই ।অনুষ্ঠানত দুকুৰি কবিয়ে অংশ গ্ৰহণ কৰে ।সদৌ অসম কবি সন্মিলনৰ দ্বাত্ৰিংশতিতম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিয়লি অনুষ্ঠিত মুকলি সভাত নীলকান্ত শইকীয়াই সভাপতিত্ব কৰে আৰু আদৰণী ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে ।
শোণিতপুৰ জিলা পৰিষদৰ কায্যবাহী বিষয়া দিপক সন্দিকৈয়ে উদ্বোধন কৰা সভাখনতেই সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত সন্মানীয় ব্যক্তি ক্ৰমেপ্ৰয়াত প্ৰদীপ ভাগৱতীক মৰোনোত্তৰ ভাৱে , নৰেন শৰ্মা, গুণকান্ত বৰুৱা, নগেন কোঁৱৰ, নৰহৰি চুতীয়া আৰু আতৰ আলী চৌধুৰীক আৰু শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'য় ।