Begin typing your search above and press return to search.

শোণিতপুৰ আৰু গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ

শোণিতপুৰ আৰু গোৱালপাৰাত বন্যহস্তীৰ উপদ্ৰৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2018 7:41 AM GMT

শোণিতপুৰ জিলাৰ ৰঙাপৰাত শনিবাৰে নিশা বন্যহস্তীৰ এটা বৃহৎ জাকে ১নং নামনি গাঁৱৰ বৌদ্ধ মন্দিৰৰ সমীপত সন্ত্ৰাস চলায় । খাদ্যৰ সন্ধানত অহা বৃহৎ জাকটোৱে ১নং নামনি গাঁৱৰ বৌদ্ধ মন্দিৰৰ সমীপত সন্ত্ৰাস চলাই ৰাজেশ কৰ্মকাৰ, নাৰু মুণ্ডা, মহেশ দাস আৰু ধনীৰাম দাস নামৰ লোককেইজনৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে ।

সেই একে পৰিস্থিতি গোৱালপাৰা জিলাৰ দুধনৈৰ অসম-মেঘালয় সীমান্তৱৰ্তী টেঙাচোট আৰু খুংখ্ৰাজানী অঞ্চলত । ৩০জনীয়া বন্যহস্তীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে বহু মূল্যবান সা-সম্পত্তিৰ আৰু ঘৰৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰে ।

এতিয়া দোয়োটা অঞ্চলৰ ৰাইজে নিদ্ৰা বিহীন ৰজনী পাৰ কৰিব লগীয়া হৈছে। বনবিভাগক বহুবাৰ জনোৱাৰ পাছতো কোনোধৰনৰ ব্যৱস্থা লোৱা নাই বুলি জানিব দিয়ে অঞ্চলবাসীয়ে।

Next Story
চাকৰি