Begin typing your search above and press return to search.

শ্বহীদ পৰিয়াললৈ ২০ লাখ টকাৰ সাহাৰ্য্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

শ্বহীদ পৰিয়াললৈ ২০ লাখ টকাৰ সাহাৰ্য্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Feb 2019 5:06 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) শুক্ৰবাৰে জম্মু কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক ২০ লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে ৷ জম্মু কাশ্মৰীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ঘটনাক দেশবাসীৰ লগতে সমগ্ৰ বিশ্বৰ আগশাৰীৰ দেশসমূহে গৰিহনা দিয়াৰ লগতে,ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়েও এই ঘটনাক গৰিহনা দিছে ৷

পুলৱামাত সন্ত্ৰাসবাদীয়ে আত্মঘাটী বোমা বিষ্ফোৰণৰ জৰিয়তে সংঘটিত কৰা এই ঘটনাক ৰাজ্যপাল জগদীশ মুখীয়েও তীব্ৰ নিন্দা কৰে ৷ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে,দেশবাসী যিকোনো সমস্যাৰ লগত মোকামিলা কৰিবলৈ একত্ৰিত হৈ আছে। লগতে ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে,শ্বহীদ বীৰ জোৱানসকলৰ দেশৰ কাৰণে দিয়া জীৱন দানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকজন কৰ্তব্যনিষ্ঠ নাগৰিকে সন্ত্ৰাসবাদীৰ এই জঘন্য অপৰাধক নিন্দা কৰিব লাগে ৷আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ স্থিতি সবল কৰিব লাগে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে, এনে ধৰণৰ কাৰ্যই ভাৰতীয় সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত জোৱানসকলৰ মনোবলক নিঃশেষ কৰিব নোৱাৰে ৷শ্বহীদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলী অৰ্পন কৰাৰ পিছতে মুখ্যমন্ত্ৰী সোনোৱালে এই ঘটনাত আহতসকলৰ সুস্বাস্থ্যৰ কামনা কৰে ৷উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বলিদানক সমগ্ৰ দেশে স্মৰণ কৰিব বুলি উল্লেখ কৰে। লগতে কয় যে,দেশৰ ৰক্ষাৰ কাৰণে নিয়োজিত প্ৰত্যেক জন জোৱানক শ্বহীদ মনেশ্বৰ বসুমতাৰীয়ে প্ৰেৰণা দি থাকিব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আগবাঢ়ি যোৱাত সহায় কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি