Begin typing your search above and press return to search.

শ্বহীদ সেনা এগৰাকী পত্নীৰ জীৱন প্ৰদৰ্শন

শ্বহীদ সেনা এগৰাকী পত্নীৰ জীৱন প্ৰদৰ্শন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2018 12:01 PM GMT

এগৰাকী পত্নীৰ বাবে নিজ স্বামীক হেৰুৱাৰ পিছৰ সময়খিনি অতি যন্ত্ৰনাময় হৈ পৰে।নিজৰ স্বামীৰ লগত কটোৱা সময় খিনিৰ বাহিৰে অৰ্থাৎ স্মৃতি খিনিৰ বাহিৰে অন্যাথা একো নাথাকে।কিন্তু যিসকল লোকে আৰ্মী তথা সেনা কামত নিয়োগ থাকে সেইসকল লোকৰ পত্নী কোনো 'চুপাৰ হিৰ'তকৈ কম নহয়।কাৰন সৈনিক সকলে নিজ দেশখনৰ বাবে প্ৰতিটো সময়ত সাজু হৈ থাকিব লাগে,কোন সময়ত কি ঘটনা বা পৰিস্থিতি সন্মুখত আহিব পাৰে তাৰে কোনো ঠিকনা নাথাকে।এনে এগৰাকী নাৰীৰ বিষয়ে তলত আলোচনা কৰা হৈছে।

নিৰু সম্বিয়াল নামৰ এগৰাকী জম্মু কাশ্মীৰৰ ৰাইফল ইউনিটৰ আৰ্মী বিষয়া ৰবীন্দ্ৰ সুং সম্বিয়াল সেনাৰ পত্নী। ২০১৫চনৰ ২মে' নিৰুৰ জীৱনটোলৈ নামি আহে এক ধুমুহা,এক বিপ্লৱীক অভিযানত নিৰুৰ স্বামীৰ মৃত্যু হয়।

নিৰু এগৰাকী জম্মু কাশ্মীৰৰ চম্বা জিলাৰ আৰকে ডিগ্ৰী কলেজৰ অধ্যাপিকা আছিল।স্বামীৰ বিয়োগৰ পিছতে নিৰুই কিবা এটা কাম কৰাৰ বাবে মনতে ঠিৰাং কৰিলে আৰু পৰৱৰ্ত্তী সময়ত চেন্নাইৰ বিষয়া প্ৰশিক্ষন একাডেমিত নামভৰ্ত্তি কৰে।

জ্ঞানী তথা ইমান খিনি পঢ়া-শুনা কৰা লগতে ৪বছৰীয়া কন্যা সন্তানৰ মাতৃ গৰাকীৰ বহু ডিগ্ৰী যেনে; বিএ,বি.ইড,এমএ, আৰু এমইড ড্ৰিগী আছে যাৰ বাবে তেওঁ বিষয়া প্ৰশিক্ষন একেডেমিত নামভৰ্ত্তি কৰিছিল।

কিন্তু এই কথাৰ বাবে নিৰু স্বামীৰ পৰিয়ালে নিৰুক সহযোগ কৰা নাছিল।'নিৰুৰ স্বামীৰ পিতৃয়ে ৩৬বছৰ আৰ্মী তথা দেশৰ বাবে কাম কৰিছিল আৰু তেওঁ জানিছিল যে এই সেৱাত নিয়োগ হোৱাৰ পূৰ্বে যি প্ৰশিক্ষন প্ৰদান কৰে সেই প্ৰশিক্ষনত বহু কষ্ট হৈছিল।সেয়ে তেওঁলোকে এই ক্ষেত্ৰত নিৰুক সহযোগ কৰিব বিচৰা নাছিল।

নিৰু(২৮)ই প্ৰথম ভাগতে চাৰ্ভিছ চিলেক্টচন বৰ্ড পৰীক্ষাত উৰ্ত্তীন হ'বলৈ সক্ষম হৈছিল।আৰু ১১ মাহৰ প্ৰশিক্ষন অটিএ অৰ্থাৎ প্ৰশিক্ষন কেন্দ্ৰত প্ৰশিক্ষন লৈছিল বাবে অতি সোনকালে সফলতা অৰ্জন কৰিব পাৰিলে নিৰুই।নিৰুৰ লগতে আৰু ২৫২গৰাকী মহিলাই এই পৰীক্ষাত উৰ্ত্তীন হৈছিল।আৰু তেওঁলোকৰ সেই দলটোৰ নাম আছিল "বীৰ নাৰী"। পিছলে নিৰু সকলো পৰিয়াল বৰ্গই সহযোগ প্ৰদান কৰাৰ লগতে নিজ কন্যাইও বহু খিনি মৰম মাকলৈ জ্ঞাপন কৰিলে।

বৰ্তমান নিৰুক অসমলৈ নিয়োগ কৰা হৈছে।আৰু নিৰুই নিজৰ তৰফৰ পৰা কৰ্মৰ প্ৰতি সম্পূৰ্ন সহযোগ প্ৰদান কৰিব।

Next Story
চাকৰি